কৰিমগঞ্জ,21জুলাই: মঙলবাৰে কৰিমগঞ্জত উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই ৰূপায়ন কৰে ধৰ্ণা কাৰ্যসূচী ৷ বিধায়কগৰাকীয়ে জিলাখনত ক‘ভিড-19ত আক্ৰান্ত ৰোগীৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰি সাব্যস্ত কৰে এই ধৰ্ণা কাৰ্যসূচী ৷ ইফালে, জিলাখনৰ কোভিড চিকিৎসালয়ত ভেন্টিলেটৰৰ কোনো ব্যবস্থা নথকাৰ লগতে চৰকাৰী আলোচনা সভাত বহু কথাই উল্লেখিত হয়, কিন্তু বাস্তৱত ইয়াৰ কোনো প্ৰতিফলন নহয় বুলি উল্লেখ কৰে কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই ৷
অন্য এক খবৰৰ বাবে: তিনিচুকীয়াত পুনৰ তিনিজনৰ দেহত ক'ভিড-19ৰ উপস্থিতি
উল্লেখ্য যে, আজি কৰিমগঞ্জত কৰ'ণা পৰিস্থিতিৰ বুজ লব'লৈ মন্ত্ৰী পিযুষ হাজাৰিকা উপস্থিত হৈছিল ৷ মন্ত্ৰীগৰাকী জিলাখনত উপস্থিত হোৱাৰ পাছতেই কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই সাব্যস্ত কৰে এই ধৰ্ণা কাৰ্যসূচীৰ ৷