ETV Bharat / state

কৰিমগঞ্জত লক আউট হোৱা বাগিচাৰ শ্ৰমিকক বিধায়ক আৰু প্ৰশাসনে বিতৰণ কৰিলে ৰেচন - কৰিমগঞ্জৰ জিলা উপায়ুক্ত আন্বামুথান এম পি

কৰিমগঞ্জত দুৰ্গাপূজাৰ পূৰ্বে লক আউট হোৱা বাগিচাৰ শ্ৰমিকসকললৈ সহাঁৰি ৷ স্থানীয় বিধায়ক আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা বিতৰণ কৰা হয় ৰেচন । স্থানীয় বিধায়কে বিতৰণ কৰিলে ২০০ কুইন্টল আটা, দুখনকৈ বাগিচাৰ ৩০০০ পৰিয়ালক দিলে কাপোৰ । প্ৰশাসনেও আগতীয়াকৈ মুকলি কৰি দিলে ৰেচন ।

বিধায়ক আৰু প্ৰশাসনে বিতৰণ কৰিলে ৰেচন
author img

By

Published : Oct 4, 2019, 10:52 PM IST

কৰিমগঞ্জ,4অক্টোবৰঃ সাময়িকভাৱে সকাহ পালে শাৰদীয় দুৰ্গাপূজাৰ পূৰ্বে লক আউট হোৱা বাগিচাৰ শ্ৰমিকসকলে । স্থানীয় বিধায় কৃষ্ণেন্দু পালে বিতৰণ কৰিলে ২০০ কুইন্টল আটা, দুখনকৈ বাগিচাৰ ৩০০০ পৰিয়ালক দিলে কাপোৰ । প্ৰশাসনেও আগতীয়াকৈ মুকলি কৰি দিলে ৰেচন । উল্লেখ্য যে, পূজাৰ আগমুহূৰ্তত শ্ৰমিকসকলে বোনাছৰ দাবী জনাৱাৰ বাবেই যোৱা ২৭ ছেপ্টেম্বৰত হাতিখিৰা চাহ বাগিচাখন কোনোধৰণৰ জাননী নিদিয়াকৈ লক-আউট কৰি দিছিল । যাৰ পাছৰ পৰাই বাগিছাখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল । ইফালে কিছুদিন পূৰ্বে ছিপেনজুৰি চাহ বাগিচাখনো একেই পৰস্থিতিৰ বাবে লকআউট কৰা হৈছিল ।

কৰিমগঞ্জত দুৰ্গাপূজাৰ পূৰ্বে লক আউট হোৱা বাগিচাৰ শ্ৰমিকসকললৈ সহাঁৰি

শুকুৰবাৰে স্থানীয় বিধায়ক কৃষ্ণেন্দু পাল হাতিখিৰা চাহ বাগিচাখনত উপস্থিত হৈ শ্ৰমিকসকললৈ সহায়ৰ হাত আগবঢ়ায় । বাগিচাখনৰ ২০০০ পৰিয়ালক কাপোৰ বিতৰণ কৰে বিধায়কগৰাকীয়ে । লগতে প্ৰদান কৰে ১০০ কুইন্টল আটা । একেদৰে পূৰ্বৰে পৰা বন্ধ হৈ থকা ছিপেনজুৰি বাগিচাতো ১০০০ পৰিয়ালক কাপোৰ আৰু ১০০ কুইন্টল আটা বিতৰণ কৰে বিধায়কগৰাকীয়ে । কেৱল বিধায়কেই নহয় জিলা প্ৰশাসনেও ১৫ তাৰিখে মুকুলি কৰিবলগীয়া ৰেচন আগতীয়াকৈ শুকুৰবাৰেই মুকুলি কৰি দিয়ে বুলি জনাই কৰিমগঞ্জৰ জিলা উপায়ুক্ত আন্বামুথান এম পিয়ে ।

Intro:Body:SLUG: ADMINISTRATION, MLA TAKE INITATIVE TO GARDEN, KARIMGANJ
সামান্য হলেও সকাহ পালে শাৰদীয় দূৰ্গাপূজাৰ পূৰ্বে লক আউট হোৱা বাগিচা শ্ৰমিকে । স্থানীয় বিধায়কে বিতৰন কৰিলে ২০০ কুইন্টাল আটা, দুটাকৈ বাগিচা শ্ৰমিকৰ ৩০০০ পৰিৱালক দিলে কাপোড় । প্ৰশাসনেও আগহতিৱাকৈ মুকুলি কৰি দিলে ৰেচন । উল্লেখ্য, পূজাৰ ঠিক আগ মুহুৰ্তত শ্ৰমীকে বোনাছৰ দাবি জনালে যোৱা ২৭ চেপ্তেম্বৰ তাৰিখে হাতিখিৰা চাহ বাগিচাখন লকআউট কৰি দিয়ে । ইয়াৰ পাছৰ পৰাই বাগিছাখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্ঠি হৈছিল । কিছুদিন পূৰ্বে ছিপেনজুৰি চাহ বাগিচা লকআউ হোৱাৰ পাছতো একে অবস্থা চলি আছিল বাগিচাটোত ।
হাতিখিৰা চাহ বাগিচাখন লকআউট হোৱাৰ পাছত বাগিছাখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্ঠি হৈছিল । ইয়াৰ পাছতেই আজি স্থানীয় বিধায়ক কৃষ্ণেন্দু পাল নিজে উপস্থিত হৈ সহাৰিৰ হাত বঢ়াই দিয়ে । বাগিচাখনৰ ২০০০ পৰিৱালক কাপোড় বিতৰন কৰে । দিয়ে ১০০ কুইন্ট্যাল আটা । অনুৰূপভাবে পূৰ্বৰ পৰাই বন্ধ হৈ থকা ছিপেনজুৰি বাগিচাতো ১০০০ পৰিৱালক কাপোড় আৰু ১০০ কুইন্ট্যাল আটা বিতৰন কৰে । কেৱল বিধায়ক নহয়, জিলা প্ৰশাসনেও ১৫ তাৰিখে মুকুলি কৰিবলগা ৰেচন আগহতিয়াকৈ আজিই মুকুলি কৰি দিয়ে বুলি জনায় কৰিমগঞ্জৰ জিলা উপায়ুক্ত আন্বামুথান এম.পি. য়ে । তেঁও কয়, বাগিচা কতৃপক্ষৰ সৈতে তেঁও যোগাযোগৰ চেষ্ঠা অব্যাহত ৰাখিছে । অতি কম দিনৰ ভিতৰতে মেনেজাৰ আৰু মালিকক লৈ অনাৰো চেষ্ঠা কৰা হৈ আছে ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.