ETV Bharat / state

এতিয়াও উন্মুক্ত কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্ত - এতিয়াও উন্মুক্ত কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্তৱৰ্তী এটা অঞ্চল

অসমলৈ ভাবুকি কঢ়িয়াই আনিছে কৰিমগঞ্জত অৱস্থিত ভাৰত-বাংলা সীমান্তৰ এটা উন্মুক্ত অঞ্চলে ৷ সেই অঞ্চল পৰিদৰ্শন কৰি কৰিমগঞ্জ চহৰ সম্প্ৰতি অসুৰক্ষিত অৱস্থাত আছে বুলি মন্তব্য কৰে সাংসদ কৃপানাথ মাল্লাই ৷

উন্মুক্ত কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্তৱৰ্তী এটা অঞ্চল

author img

By

Published : Jul 23, 2020, 11:50 AM IST

কৰিমগঞ্জ, 23 জুলাই: অসুৰক্ষিত কৰিমগঞ্জ চহৰ ৷ এই মন্তব্য সাংসদ কৃপানাথ মাল্লাৰ ৷ কিয়নো এতিয়াও সম্পূৰ্ণ উন্মুক্ত হৈ আছে কৰিমগঞ্জ চহৰৰ নিকটৱৰ্তী প্ৰায় 4.35 কিলোমিটাৰ ভাৰত-বাংলা সীমান্ত ৷ সাংসদ গৰাকীৰ মতে, যিকোনো সময়তে সেই সীমান্তৰে প্ৰৱেশ ঘটিব পাৰে অনুপ্ৰবেশকাৰীৰ ৷ কিয়নো সেই স্থানত নাই কোনো কাঁইটীয়া বেৰ কিম্বা দেৱাল ৷ বৃহস্পতিবাৰে সাংসদ কৃপানাথ মাল্লাই সেই স্থান পৰিদৰ্শন কৰি সমগ্ৰ অঞ্চলটো অতি শীঘ্ৰেই বন্ধ কৰিব লাগিব বুলি উল্লেখ কৰে ৷ তেওঁ উল্লেখ কৰা অনুসৰি সেই স্থানত নাই কোনো সুচল সুৰক্ষা ব্যৱস্থাও ৷ যাৰ বাবে কোনো ধৰণৰ অসুবিধা অবিহনেই অসমৰ ভূমিত প্ৰবেশ কৰিব পাৰিব বাংলাদেশী অনুপ্ৰেশকাৰী ৷

এতিয়াও উন্মুক্ত কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্তৱৰ্তী এটা অঞ্চল

উল্লেখ্য যে, সেই অঞ্চলত যদি সীমান্ত সম্বন্ধীয় কোনো সমস্যাৰ উদ্ভৱ হয় তেন্তে সুৰক্ষা বাহিনীৰ জোৱানে সীমান্তৱৰ্তী ভাৰতভূমিত বাস কৰা লোকৰ ঘৰৰ চোতাল অতিক্ৰম কৰিহে পৰিদৰ্শন কৰিব লাগে সীমান্ত ৷ সেই স্থানত বহুদিন পূৰ্বেই বেৰ দিয়াৰ পৰিকল্পনা কৰা হৈছিল যদিও, সীমান্তৱৰ্তী বিস্তীৰ্ণ এলেকাত গঢ়ি উঠিছে স্থানীয় লোকৰ বেদখল ৷ যাৰ বাবে বিগত প্ৰায় 12 বছৰৰ পৰা সেই স্থানত সম্পূৰ্ণ হৈ নুঠিল কাঁইটীয়া বেৰ স্থাপনৰ কাম ৷ সম্প্ৰতি বেৰ স্থাপনৰ কাম কৰিবলৈ বহু সময়ত বাধা হিচাপে থিয় দি আহিছে সামন্তৱৰ্তী অঞ্চলৰ বাসিন্দা সকল ৷ সেয়েহে অঞ্চলবাসীৰ সেই সমস্যা সমাধানৰ বাবে সাংসদ গৰাকীয়ে এলেকাটো পৰিদৰ্শন কৰি ৰাইজৰ সৈতে বাৰ্তালাপ কৰে ৷ লগতে সেই সমস্যা অতি শীঘ্ৰেই সমাধানৰ বাবে জিলা উপায়ুক্তৰ সৈতে আলোচনাও কৰে ৷

লগতে পঢ়ক: অসমৰ বান সমস্যা নিৰ্মূলৰ বাবে 346 কোটি টকা অনুদানৰ ঘোষণা কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.