কৰিমগঞ্জ,29 জানুৱাৰীঃ ভাৰত-বাংলা সীমান্তত থকা প্ৰায় 700 গৰাকী লোকক ভাৰতৰ ভূখণ্ড লৈ অনাৰ যোজা কৰিছে চৰকাৰে ৷ কৰিমগঞ্জ জিলাৰ কুতক দেওতলী, লাফাশাইল, লাতুকান্দি,গোবিন্দপুৰ, তেশুয়াকে ধৰি সীমান্তত থকা প্ৰায় 700 গৰাকীকৈ লোক আছে ৷ যি সকলৰ ঘৰ কাঁইটিয়া তাঁৰৰ বেৰৰ বাহিৰত ৷ ইপিনে সীমান্তৰ গেট যেতিয়া নিশা হ’লে বন্ধ কৰি দিয়া হয় তেতিয়া ভাৰতৰ নাগৰিকত্ব হেৰুৱাব লগা হয় তেওঁলোকে ৷ একেদৰে তেওঁলোকৰ নিশা বিভিন্ন সমস্যাৰ সৃষ্টি হ’লে ভয়ংকৰ বিপদত পৰিবলগীয়া হয় গেট বন্ধ থকাৰ বাবে ৷
উল্লেখযোগ্য যে,ভাৰতীয় লোকসকলে নিজা মাটিত দীৰ্ঘ দিন ধৰি বসবাস কৰি আহিছে । কাঁইটিয়া বেৰ দিয়াৰ সময়ত এই সকল লোকক মূল ভূখণ্ডত চামিল নকৰিলে চৰকাৰে । ইপিনে বেৰৰ বাহিৰত থকা লোক সকলে বন্দী দশাৰ পৰা মুক্তি পাবলৈ হাইপাৱাৰ কমিটিৰ ওচৰত দাবী জনাই আহিছিল যদিও আজিলৈকে তেওঁলোকৰ সমস্যা সমাধান নহ’ল।
শেহতীয়াকৈ এই সকল লোকক বন্দী দশাৰ পৰা মুক্তি দিয়াৰ বাবে অৰ্থাৎ ভাৰতৰ মূল ভূ-খণ্ড লৈ অনাৰ চিন্তা চৰ্চা কৰি আছে চৰকাৰৰ লগতে কৰিমগঞ্জ জিলা প্ৰশাসনে। সম্প্ৰতি সীমান্তত থকা ভাৰতীয় লোকসকলৰ অৱস্থান সন্দৰ্ভত জিলা প্ৰশাসনে জৰিপ আৰম্ভ কৰিছে বুলি কৰিমগঞ্জৰ জিলা উপায়ুক্ত আনবামুথান এম পিয়ে সদৰি কৰে ৷
লগতে পঢ়কঃ তিনিচুকীয়াত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ পদক্ষেপ