ETV Bharat / state

কৰিমগঞ্জত অবৈধ বালি খনন চক্ৰৰ দৌৰাত্ম - বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য

বনমন্ত্ৰীৰ ঘনিষ্ঠই কৰিমগঞ্জত চলাইছে বালি মাফিয়াৰাজ ৷ নিৰ্লিপ্ত ভূমিকাত বিভাগীয় কৰ্তৃপক্ষ ৷

Illegal sand mafia in Karimganj
কৰিমগঞ্জত অবৈধ বালি খনন চক্ৰৰ দৌৰাত্ম
author img

By

Published : Jan 12, 2020, 1:48 PM IST

কৰিমগঞ্জ, 12 জানুৱাৰীঃ কৰিমগঞ্জত বালি মাফিয়াৰ দৌৰাত্ম ৷ সকলো দেখি-শুনিও নিৰ্বিকাৰ জলসম্পদ বিভাগ ৷ কৰিমগঞ্জত এচাম অসাধু ব্যৱসায়ীয়ে অবৈধভাৱে বালিৰ বেহা চলাই থকাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ সহযোগত এচাম বালি মাফিয়াই গোপনে বালিৰ অবৈধ বেহা চলাই থকাৰ বিষয় পোহৰলৈ আহিছে ৷ কৰিমগঞ্জৰ নিলাম বজাৰৰ কউটুকত জলসম্পদ বিভাগে নিৰ্মাণ কৰা লংগাই নৈৰ স্থায়ী মথাউৰি কাটি বালি খনন চলাই আছে বুলি অভিযোগ উত্থাপন হৈছে ৷ ইতিমধ্যে স্থানীয় ৰাইজে বন বিভাগ, জলসম্পদ বিভাগ, নিলামবজাৰৰ চক্ৰ বিষয়া, আৰু জিলা উপায়ুক্তৰ কাৰ্যালয়ত এই সম্পৰ্কে অভিযোগ দাখিল কৰিছিল যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল বিভাগীয় কৰ্তৃপক্ষসমুহৰ দ্বাৰা ।

কৰিমগঞ্জত অবৈধ বালি খনন চক্ৰৰ দৌৰাত্ম

উল্লেখ্য যে, কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই স্থায়ী মথাউৰি খনাৰ ফলত ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাসমূহৰ বিস্তৃত কৃষিভূমি বানপানীত ডুব যোৱাৰ ফলত স্থানীয় লোকসকল যথেষ্ট অসুবিধাৰ সন্মূখীন হ’ব লগা হৈছে ৷ আনহাতে এচাম অসাধু বালি মাফিয়া বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ঘনিষ্ঠ হোৱা বাবেই তেওঁলোকৰ বিৰুদ্ধে একো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে ৷

আৰু পঢ়কঃৰক্ষকে যেতিয়া ৰূপ লয় ভক্ষকৰ !

Intro:Body:SLUG: SAND MAFIYA DESTROYED RIVER EMBANKMENT WITH HELP OF FOREST DEPT, KARIMGANJ
চৰকাৰি এটা বিভাগে গড়ে । আৰু চৰকাৰৰে আন এটা বিভাগৰ মিলিৰাতিত দুষ্কৃতিয়ে সেয়া ধ্বংস কৰে । কৰিমগঞ্জত বালি মাফিয়াৰ দৌৰাত্ম । নৈ পাৰত থকা জলসম্পদ বিভাগৰ মথাউৰি কাটি নৈৰ পৰা অবৈধভাৱে বালি উত্তোলন কৰাৰ পথ সুগম কৰিলে বালিৰ অসাধু ব্যবসায়িয়ে । বাৰিষাৰ সময়ত বানে উঠাই নিয়াৰ দৰে ভয়ানক বিপদত ঠেলি দিলে হেজাৰ হেজাৰ গঞাক । কিন্তু নিৰ্বিকাৰ কৰিমগঞ্জৰ বন বিভাগ । আনকি নিৰ্বিকাৰ জলসম্পদ বিভাগো । কেইবাদিন ধৰি দুষ্কতকাৰিয়ে মথাউৰি কাটি থাকিলেও আজিলৈকে বিভাগটোয় কোনও ব্যবস্থা লব পাৰা নাই ।অভিযোগ, বন মন্ত্ৰীৰে এচাম ঘনিষ্টয় কৰিমগঞ্জৰ নিলামবজাৰ এলাকাত চলাই আছে অবৈধ বালিৰ বেহাৰ এনে মাফিয়াৰাজ ।
বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ সহযোগত এচাম বালি মাফিয়াই কৰিমগঞ্জ বনসংমণ্ডলৰ অধীনৰ নিলামবজাৰ এলাকাৰ অবিক্ৰীত ৩ নং মহালত অবৈধ ভাবে বালি উত্তোলন কৰি চোৰাং ভাবে বিক্ৰয় কৰি আহিছে । বালি মাফিয়াই কেৱল বালি উত্তোলনতে ক্ষান্ত থকা নাই । নিলামবজাৰ সংলগ্ন এলাকাৰ কাউটুকত জলসম্পদ বিভাগে নিৰ্মান কৰা লঙ্গাই নৈৰ স্থায়ী মাথাউৰি কাটি বালি উত্তোলন কৰি অবৈধ বাণিজ্য কায়েম কৰি ৰাখিছে । আনকি মেচিন লগাই নৈৰ পৰা বালি উত্তোলনৰ ক্ষেত্ৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নিষেধাজ্ঞা জাৰি কৰি ৰাখিলেও এনে নিৰ্দেশকো বুড়া অংগলু দেখাৱাই অবাধে মেচিন দি উঠোৱা হৈ আছে বালি । এই ক্ষেত্ৰত সম্পূৰ্ণ নিৰলিপ্ত ভুমিকা গ্ৰহণ কৰি আছে বন বিভাগে । ইতিমধ্যে স্থানীয় ৰাইজে বন বিভাগ, জলসম্পদ বিভাগ, নিলামবজাৰৰ চক্ৰ বিষয়া, আৰু জিলা উপায়ুক্তৰ কাৰ্যালয়ত অভিযোগ জনাইছিল যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষ সমুহে ।
চৰকাৰে ৰাজ্যখনত বন্যাৰ কবলৰ পৰা ৰক্ষাৰ বাবে শ শ কোটি টকা খৰচ কৰি মথাউৰি নিৰ্মাণ কৰি আছে । তেনে স্থলত বন বিভাগৰ এচাম অসাধু বিষয়া কৰ্মচাৰীয়ে নিজৰ পকেট গধুৰ কৰাৰ বাবে দুষ্কৃতকাৰিয়ে চৰকাৰী নীতি নিয়মক জলাঞ্জলি দি চৰকাৰৰে আন এটা বিভাগে নিৰ্মাণ কৰা মথাউৰি সমুহ কাটি অবৈধ ভাবে যন্ত্ৰ চালিত মটৰ লগাই বালি উত্তোলন কৰি আছে । ৰাইজৰ আপত্তিকো কোনো ধৰণৰ গুৰুত্ব নিদি বালি মাফিয়াক মথাউৰি কটাত সহযোগ কৰি আহিছে বিভাগটোৱে লগতে শাসকীয় দলৰ এচাম পালিনেতায় । সৎ আৰু নিষ্ঠাবান মন্ত্ৰী হিচাপে আখ্যা পোৱা বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ এগৰাকি ঘনিষ্টয় এলাকাটোত বালিৰ এনে অবৈধ বেহা চলাই আছে বুলি অভিযোগ পোৱা গৈছে ।মন্ত্ৰী গৰাকিৰ উপত্যকাত বিভাগটোৰ এনে অৱস্থা যদি চলে তেন্তে ৰাজ্যখনৰ বাকী ঠাইৰ অৱস্থা কেনে হ'ব সেয়া নিশ্চয় অনুমেয় । উল্লেখ্য যি, নিলামবজাৰৰ এই এলাকাত ২০১৭/২০১৮ বৰ্ষত কেৱল মাত্ৰ লঙ্গাই নৈৰ মথাউৰি ভগাৰ ফলত প্ৰৱল বানপানীৰ ফলত বহু হেজাৰ হেক্টৰ কৃষি ভুমি নষ্ট হোৱাৰ লগত কেইবা লাখ লোক বানৰ কবলত পৰিছিল । এনে অৱস্থাত একেই নদীৰ পাৰ তথা মথাউৰি কাটি অবৈধ ভাবে বালি উত্তোলন কৰি আছে তথাপিও বিভাগীয় বিষয়াকে ধৰি মন্ত্ৰী সকলৰ কোনো কানহাৰ নায় । যাৰ বাবে স্থানীয় ৰাইজ ক্ষূব্ধ হৈ আন্দোলনত নমাৰ সিদান্ত লয় । কৃষক মুক্তি সংগ্ৰাম সমিতৰ কৰিমগঞ্জ জিলা সমিতিৰ সভাপতি ফজলে আলম ছিদ্দিকেয়ে ক্ষোভ ব্যক্ত কৰি কয় বিভাগৰ এনে কাৰ্যৰ ফালে বনমন্ত্ৰীয়ে চখু দিয়াৰ বাৱে ।মন্ত্ৰী পৰিমল শুক্লবৈদ্যক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ অনুৰোধ জনায় । ইপিনে বিজেপি নেতা নিলোৎপল দাসে সমষ্টি টোৰ বিধায়ক আজিজ আহমেদ খান আৰু এগৰাকী বিজেপি নেত্ৰীৰ সহযোগত অবৈধ ভাবে লঙ্গাই নৈৰ পৰা বালি উত্তোলন কৰা হৈ আছে বুলি অভিযোগ কৰে । আনহাতে বালি উত্তোলন কৰি থকা শ্ৰমিকে জনায় বিজেপিৰ সৰ্বভাৰতীয় পৰ্যায়ৰ নেত্ৰী শীপ্ৰা গুনৰ নিৰ্দেশত এনেদৰে অবৈধ ভাবে বালি উত্তোলন কৰা হৈছে । শ্ৰমিক গৰাকিৰ মতে নেত্ৰীগাৰকি হেনু সমষ্ঠিৰ বিধায়ক । বহুতে এনেও অভিযোগ কৰিছে, বালিৰ অবৈধ বেহা চলুৱা বিজেপি নেত্ৰীগৰাকি বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ অতি ঘনিষ্ট, যাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই ।

Byte,Dfo &publicConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.