কৰিমগঞ্জ, 19 নৱেম্বৰ: কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সীমান্তত আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ চোৰাং গৰু কঢ়িওৱা দুখনকৈ ট্ৰাক ৷ লগতে গৰুৰ মালিকসহ ট্ৰাক দুখনৰ চালক দুগৰাকীকো আটক কৰিছে আৰক্ষীয়ে ।
বিষয় সন্দৰ্ভত আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বুধবাৰে নিশা চুৰাইবাৰী আৰক্ষীৰ অনুসন্ধান চকীৰ এটা দলে নিয়মীয়া তালাচী চলাই গৰু ভৰ্তি ট্ৰাক দুখন জব্দ কৰে ৷ কোনো বৈধ নথিপত্ৰ নথকা ট্ৰাক দুখনৰ নম্বৰ হৈছে বি আৰ 27 জি 8137 আৰু বি আৰ 25 জি এ 2165 ৷ উল্লেখ্য যে, ট্ৰাক দুখনে মুঠ 61 টা গৰু ত্ৰিপুৰা হৈ বাংলাদেশলৈ সৰবৰাহ কৰাৰ উদ্দেশ্য়ে অনাৰ তথ্য় প্ৰকাশ কৰিছে চুৰাইবাৰী আৰক্ষীয়ে ৷
লগতে পঢ়ক: জ' বাইডেন আৰু মোডীৰ টেলিফোনিক বাৰ্তালাপ