কৰিমগঞ্জ, 3 মে’ : ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান (Assam police raid against narcotics) ৷ এইবাৰ অসম আৰক্ষীৰ অভিযানত কৰিমগঞ্জৰ অসম ত্ৰিপুৰা সীমান্তৰ চূড়াইবাৰীত জব্দ হৈছে বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী ৷ যাৰ আনুমানিক বজাৰ মূল্য কেইবালক্ষাধিক টকা ৷ চূড়াইবাৰী আৰক্ষী চকীৰ এগৰাকী আৰক্ষী বিষয়াই উল্লেখ কৰা অনুসৰি, বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ তথ্য লাভ কৰিছিল চূড়াইবাৰী আৰক্ষীয়ে ৷
সেই গোপন খবৰৰ ভিত্তিত আৰক্ষী দলটোৱে কৰিমগঞ্জত সোমবাৰে নিশা চলাই এক অভিযান ৷ এই অভিযানতে আৰক্ষীৰ দলটোৱে জব্দ কৰে দহ হাজাৰ বটল নিষিদ্ধ কফ চিৰাপ আৰু বৃহৎ পৰিমাণৰ ফেনসিডাইল (Cough syrup bottles seized in Karimganj) ৷ ইয়াৰ লগতে আৰক্ষীয়ে আটক কৰে কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত নালাপৰাৰ আদিত্য ৰাভা নামৰ চালকজনক ৷
লগতে পঢ়ক : লখিমপুৰত চাৰি মাহত গ্ৰেপ্তাৰ শতাধিক ড্ৰাগছ সৰবৰাহকাৰী
আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, AS01 MC 0386 নম্বৰৰ এখন বাহনত গুৱাহাটীৰ পৰা ত্ৰিপুৰাৰ ৰাজধানী আগৰতলা লৈ সৰবৰাহৰ উদ্দেশ্যে লৈ যোৱা হৈছিল জব্দকৃত নিচাজাতীয় সামগ্ৰীখিনি ৷ জব্দকৃত নিচাজাতীয় সামগ্ৰীখিনি অতি কৌশলেৰে বস্তাৰ ভিতৰত লুকুৱাই অনা হৈছিল ৷ জব্দকৃত নিচাজাতীয় সামগ্ৰীখিনিৰ বজাৰ মূল্য প্ৰায় পঞ্চাশ লাখ টকা ৷
উল্লেখ্য যে, এই সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ লগতে আটকাধীন জব্দকৃত বাহনখনৰ চালক আদিত্য ৰাভাকো সোধ-পোচ অব্যাহত ৰাখিছে চূড়াইবাৰী আৰক্ষীয়ে ৷
লগতে পঢ়ক : Drug Seized in India Bangladesh Border : ভাৰত-বাংলা সীমান্তত জব্দ 14 লাখ টকাৰ নিচাজাতীয় সামগ্ৰী