কৰিমগঞ্জ,3 অক্টোবৰ: শুকুৰবাৰে নিশা কৰিমগঞ্জৰ নিলামবজাৰ আৰক্ষী থানাৰ গৃহৰক্ষী বাহিনীৰ জোৱানৰ মৃত্যুক লৈ বদৰপুৰৰ উমৰপুৰ এলেকাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ ঘটনা সন্দৰ্ভত উপযুক্ত তদন্ত কৰি সত্যতা প্ৰকাশৰ লগতে অসহায় পৰিয়ালক উপযুক্ত ক্ষতি পূৰণৰ দাবী জনাইছে পৰিয়ালৰ লোকে ৷
ঘটনাৰ বিৱৰণ অনুসৰি,জিলাখনৰ বদৰপুৰ থানা এলেকাৰ উমৰপুৰৰ বাসিন্দা গৃহৰক্ষী জোৱান ছুফিয়ান আহমেদ নিলামবাজাৰ থানাত কর্মৰত আছিল । শুকুৰবাৰে নিশা প্ৰায় 1 বজাত পৰিয়ালৰ লোকক খবৰ দিয়াৰ পাচত অসুস্থ ছুফিয়ানক নিলামবজাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । শনিবাৰে পুৱা প্ৰায় 6 বজাত ছুফিয়ানৰ মৃত্যু হোৱা বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।
উল্লেখ্য যে, ছুফিয়ানৰ মুৰৰ পিছফালে স্পষ্ট আঘাতৰ চিন দেখি এয়া এক হত্যাকাণ্ড বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰে । আনহাতে,স্থানীয় লোকে সদৰি কৰা মতে, শুকুৰবাৰে বিয়লি ভাগত এটা এ টি এমৰ সম্মুখত ছুফিয়ান আহমদক অচেতন অবস্থাত পৰা দেখি সংবাদ কর্মী এগৰাকীয়ে নিলামবাজাৰ থানাত খবৰ দিছিল । কিন্তু ঘটনাস্থলীত বহু পলমকৈ উপস্থিত হয় আৰক্ষী ।
সমগ্ৰ ঘটনাটোত ৰহস্যৰ গোন্ধ পোৱাৰ কথা উল্লেখ কৰে পৰিয়ালৰ লোকে । লগতে ঘটনাক লৈ নিলাবজাৰত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ।
লগতে পঢ়ক: আৰক্ষী অধীক্ষকৰ নামত ধন দাবী যুৱকৰ