ETV Bharat / state

গুৱাহাটী,বদৰপুৰত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

author img

By

Published : Dec 9, 2019, 2:10 AM IST

Updated : Dec 9, 2019, 7:25 AM IST

ভিন্ন প্ৰান্তত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰীক আটক আৰক্ষীৰ ৷ গুৱাহাটী আৰু বদৰপুৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ ৷

Guwahati, Badarpur seized drugs
গুৱাহাটী, বদৰপুৰত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

গুৱাহাটী,কৰিমগঞ্জ, 8 ডিচেম্বৰঃ ৰাজ্যৰ বিভিন্ন ঠাইত এতিয়া সুলভ মাৰাত্মক ড্ৰাগছ ৷ গুৱাহাটী মহানগৰীত দিনক-দিনে বৃদ্ধি পাইছে ড্ৰাগছৰ ব্যৱহাৰ ৷ দেওবাৰে মহানগৰীৰ বৰাগাঁৱত মঙলদৈ আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷ এক গোপন সূত্ৰৰ পম খেদি এছ.আই দানটেজিৎ দেউৰীৰ নেতৃত্বত মঙলদৈ আৰক্ষীৰ এটা দলে গড়চুক আৰক্ষীৰ সহযোগত এক অভিযান চলাই বহু পৰিমাণৰ ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্যৰ সৈতে যোগেশ কলিতা আৰু চাহজাহান আলী নামৰ দুই ধৃত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে মঙলদৈ আৰক্ষীয়ে ৷

Guwahati, Badarpur seized drugs
বদৰপুৰত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

আনহাতে কৰিমগঞ্জৰ বদৰপুৰৰ মলুৱা অঞ্চলৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷ দেওবাৰে নিশা আমছুৰ সহযোগত চলোৱা এক অভিযানত প্ৰায় তিনি লাখ টকাৰ ড্ৰাগছসহ মাধৱ দাস নামৰ সৰবৰাহকাৰী এজনক আটক কৰে বদৰপুৰ আৰক্ষীয়ে ৷

গুৱাহাটীত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

আৰু পঢ়কঃধুবুৰীত ড্ৰাগছ সহ এজন সৰবৰাহকাৰীক আটক আৰক্ষীৰ

Intro:মহানগৰীত এতিয়া সুলভ মাৰাত্মক ড্ৰাগছ। অলিয়ে গলিয়ে একাংশই বিক্ৰী কৰে যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া ড্ৰাগছ। দেওবাৰে মহানগৰীৰ বৰাগাঁৱত মংগলদৈ আৰক্ষীয়ে চলালে ড্ৰাগছ বিৰোধী অভিযান। অতৰ্কিতে চলোৱা এই অভিযানত দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হয়। এক গোপন সুত্ৰৰ পম খেদি SI দানটেজিৎ দেউৰীৰ নেতৃত্বত অহা মংগলদৈ আৰক্ষীৰ এটা দলে গড়চুক আৰক্ষীৰ সহযোগত চলাইছিল এই অভিযান। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ নাম যোগেশ কলিতা আৰু চাহজাহান আলী। দুয়োৱে বৰাগাঁৱত বাহৰ পাতি মহানগৰীৰ বিভিন্ন স্থানত যোগান ধৰি আহিছিল নিচাযুক্ত সামগ্ৰী। মংগলদৈ থানাত দুয়োৰে বিৰুদ্ধে আছিল গোচৰ। যাৰ পৰিপ্ৰেক্ষিততে এনেদৰেই অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুয়োকে। সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে মংগলদৈ আৰক্ষীয়ে।Body:Hirul Haque Conclusion:Guwahati
Last Updated : Dec 9, 2019, 7:25 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.