ETV Bharat / state

বিজেপিত যোগদান কৰি ভাল মানুহ হ'ল গৌতম ৰয়!

কংগ্ৰেছৰ সংস্কৃতি আৰু বিজেপিৰ সংস্কৃতিৰ মাজত আছে বহু পাৰ্থক্য ৷ বিজেপিৰ আদৰ্শ আছে, সাংগঠনিক বিভাগ আছে, ইয়াতে কাম শিকিব পাৰি

বিজেপিত যোগদান কৰি ভাল মানুহ হ'ল গৌৰত ৰয়!
author img

By

Published : Aug 17, 2019, 11:02 PM IST

Updated : Aug 17, 2019, 11:13 PM IST

কৰিমগঞ্জ, 17 আগষ্টঃ "কংগ্ৰেছৰ সংস্কৃতি আৰু বিজেপিৰ সংস্কৃতিৰ মাজত আছে বহু পাৰ্থক্য ৷ বিজেপিৰ আদৰ্শ আছে, সাংগঠনিক বিভাগ আছে, ইয়াতে কাম শিকিব পাৰি । কিন্তু কংগ্ৰেছৰ সংস্কৃতি অতি বেয়া ।" এই মন্তব্য ন-বিজেপি গৌতম ৰয়ৰ ৷ লগতে কয়, বিজেপিত আগতে যোগদান কৰিলে ভাল মানুহ হ'লহেতেন ৷ যোগদানৰ পাচতে ৰাজ্যিক বিজেপিয়ে শিকাইছে বহুতো কালচাৰ ৷ এতিয়া সকলো ঠিক কৰিব লাগিব । এতিয়া আৰু নগদ ধন বিলাব নালাগে ৷" শনিবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত যোগদানৰ পাচত হাইলাকান্দি কাছাৰত নিজকে নতুনকৈ পৰিচয় দি কৰিমগঞ্জত উপস্থিত হৈ এনেদৰে মন্তব্য কৰে ন-বিজেপি নেতা গৰাকীয়ে ৷ লগতে নেতা গৰাকীক আদৰিবলৈ কৰিমগঞ্জত ভালেসংখ্যক সমৰ্থকে বাহিৰ কৰে বাইক ৰেলি ৷

Intro:গৌতম ৰয়ক আদৰণি কৰিমগঞ্জ বিজেপিৰBody:SLUG: BJP CULTURE GOOD, CONGRESS CULTURE BAD, GAUTOM, KARIMGANJ
কংগ্ৰেছৰ সংস্কৃতি আৰু বিজেপিৰ সংস্কৃতিৰ মাজত বহু পাৰ্থক্য আছে বুলি কলে নবিজেপি গৌতম ৰয়ে । তেঁও কয়, বিজেপিৰ আদৰ্শ আছে, সাংঘটনিক বিভাগ আছে, ইয়াতে কাম কৰা শিখিব পাৰা যায় । কিন্তু কংগ্ৰেছৰ সংস্কৃতি অতি বেয়া । যাৰ বাৱে পড়ালিখা কৰিব পাৰা নাই, এতিয়া পড়া লিখা কৰি আছে । আগতে বিজেপিত আহিলে ভাল মানুহ হলেতেন । গৌতম ৰয়ে এয়া কৰি লৈছে , সেয়া কৰি লৈছে, গাড়ি ভাঙি পেলাই দিছে এনে অবস্থান নহলেতেন । এতিয়া এনেকে নহব । যোগদান পাছত ৰাজ্যিক বিজেপিয়ে তেঁওক শিখাই দিছে কালচাৰ কি । এতিয়া সকলো ঠিক কৰিব লাগিব । এতিয়া আৰু নগদ ধন বিলাব নেলাগে । ইয়াৰ বাৱে ৰক্ষা পাইছে হেনু তেঁও ।
ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত যোগদানৰ পাছত হাইলাকান্দি, কাছাড় জিলাত নিজক নতুনকৈ পৰিচয় কৰোৱাই আজি কৰিমগঞ্জৰ বিজেপি কাৰ্যালয়ত আহি উপস্থিত হয় । কৰিমগঞ্জ চহৰত পৌছাৰ লগে লগে ভালেমান গৌতম সমৰ্থকে বাইক ৰেলি কৰি আদৰনি জনাই লৈ যায় বিজেপি কাৰ্যালয়ত । গৌতম ৰয়ক আদৰনি জনোৱাৰ সময়ত উপস্থিত থকা বিজেপিৰ জ্যেষ্ঠ নেতা মিশন ৰঞ্জন দাসেও ভাষম প্ৰসংগত গৌতমৰ পূৰ্বৰ কিছুমান কথা শুনাই বাক্যবান নিক্ষেপ কৰে । মিশন দাসে কয়, পূৰ্বৰ কথা তেঁও পাহৰি যোৱা নাই । গৌতম ৰয় কংগ্ৰেছত থাকতে তেঁওক বাংলাদেশী বুলি কোৱা হৈছিল, জিলাৰ সমস্যা লৈ ধৰ্ণাত বহাৰ সময়ত কংগ্ৰেছ কৰ্মীয়ে তেঁওক প্ৰানে মৰাৰ চেষ্ঠা কৰিছিল । তথাপি তেঁওক আজিৰ দিনত স্বাগত জনাইছে ।
গৌতম ৰয়ে তেঁওৰ ভাষনত মিশন ৰঞ্জন দাসৰ কথা স্বীকাৰ কৰে । কয়, তেঁওৰ পূৰ্বৰ পৰাই বিজেপিৰ প্ৰতি মৰম আছিল । গতিকে তেঁওৰ ভগ্নীৰ জোৱায়েকক কাটলিছৰাৰ পৰা বিজেপিৰ হৈ থিয় কৰাইছিল । এতিয়া তেঁওও দেখিছে কংগ্ৰেছত থাকি লাভ লাভ নাই । গতিকে বিজেপিত যোগদান কৰিছে । অবশ্য চাহ খোৱাৰ বাৱে অহা নাই, শেষ জীৱনত সকলৰ সৈতে মিলিজুলি থাকিব পাৰে । গৌতমে কয়, তেঁও পুৰুষ মানুহ, গতিকে অলপ খং থকাৰ লগতে মৰম থাকিবই । নিজৰ স্বাৰ্থত পূৰ্বে কিৱা কিবি কৈ থাকিলে ক্ষমা কৰি সকলো পাহৰি যোৱাৰ কথা শুনায় মিশন ৰঞ্জন দাসক । গৌতম ৰয়ে কয়, কংগ্ৰেছৰ সংস্কৃতি আৰু বিজেপিৰ সংস্কৃতিৰ মাজত বহু পাৰ্থক্য আছে । এতিয়া বিজেপি ভাল সংস্কৃতি মানি চলিব তেওঁ । কৰিমগঞ্জৰ বিজেপি কাৰ্যালয়ত জোৰকৈ জয় শ্ৰী ৰাম ধ্বনী দি ভাষন সামুৰে গৌতমে।
Conclusion:কিন্তু ৰহস্যজনক ভাবে জিলাৰ পাথাৰকান্দি সমষ্টিৰ বিধায়ক কৃশেন্দু পাল আৰু সংসদ কৃপানাথ মাল্লা সভাখনত অনুপস্থিত থাকে।এয়া গৌতম ৰায়ৰ ওপৰত খং নে দলৰ ওপৰত এয়া স্পষ্ট হোৱা নাই
Last Updated : Aug 17, 2019, 11:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.