কৰিমগঞ্জ, 21 জুলাই : ত্ৰিপুৰাত গাঞ্জা সৰবৰাহ কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল অসমৰ দুই যুৱক ৷ অসম ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীত গাঞ্জাসহ আটক হ'ল দুই সৰবৰাহকাৰী । ত্ৰিপুৰা আৰক্ষীৰ হাতত আটক হোৱা যুৱক দুজন দেৱজিত সিনহা আৰু জুৱেল নাথ বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, যুৱক দুজনৰ ঘৰ বাজাৰিছড়া আৰক্ষী থানাৰ অন্তৰ্গত কাঠলতলী এলেকাত । বেগভৰ্তি গাঞ্জা লৈ ত্ৰিপুৰাত সৰবৰাহৰ উদ্দেশ্যৰে গৈছিল যুৱক দুজন । যুৱক দুজনৰ ওপৰত আৰক্ষীৰ সন্দেহ হোৱাত তালাচী চলাই বেগৰ পৰা উদ্ধাৰ কৰে গাঞ্জাখিনি । বৰ্তমানে যুৱক দুজনক ত্ৰিপুৰাৰ চুৰাইবাৰী আৰক্ষীৰ জিম্মাত ৰখা হৈছে ৷
লগতে পঢ়ক : অডিঅ’ ক্লিপিং ভাইৰেল:সংখ্যালঘু ছাত্ৰ বৃত্তিৰ গোচৰ প্ৰত্যাহাৰৰ বাবদ ৫০ লাখটকীয়া প্ৰস্তাৱ