কৰিমগঞ্জ, ৩ জুন: কৰিমগঞ্জৰ সংৰক্ষিত বনাঞ্চল অবৈধভাৱে দখল কৰা লোকৰ বিৰুদ্ধে অভিযান বন বিভাগৰ । বৃহস্পতিবাৰে কৰিমগঞ্জৰ বাজাৰঘাট আৰু ছলামনা গাঁৱত বন বিভাগে উচ্ছেদ অভিযান চলায় । জিলা বন বিষয়া জালনুৰ আলীৰ নেতৃত্বত এই অভিযান চলায় বন কৰ্মীৰ দলে ।
অবৈধভাৱে নিৰ্মাণ কৰা ২২টা বাসগৃহ উচ্ছেদ কৰে বন বিভাগে । পকী গৃহও উচ্ছেদ কৰে দলটোৱে । আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ দলে বন বিভাগৰ সৈতে অভিযান চলায় । উল্লেখ্য যে, জিলাখনৰ দোহালিয়া, পাথাৰিয়া, লংগাই আদিকে ধৰি বিভিন্ন সংৰক্ষিত বনাঞ্চল বেদখলকাৰীৰ কবলত আছে ।
এফালে, বনাঞ্চলৰ পৰা মূল্যৱান গছ কাটি তহিলং কৰিছে বন মাফিয়াই, আনফালে বনাঞ্চল দখল কৰি আহিছে আন একাংশ লোকে ।
এই বিষয়ে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছতে তৎপৰ হৈছে বন বিভাগ । বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলাইছে বিভাগটোৱে ।
লগতে পঢ়ক:মাজুলীৰ বনগাঁৱত সমৰ কলাৰ প্ৰশিক্ষণৰ আয়োজন