কৰিমগঞ্জ,17 ফেব্ৰুৱাৰীঃ ভূমি বিবাদক কেন্দ্ৰ কৰি কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষী থানাৰ অৰ্ন্তগত বান্দৰকোণা গাঁও পঞ্চায়তৰ এটা বাসগৃহত দুৰ্বৃত্তৰ অগ্নি সংযোগ ৷ অগ্নি সংযোগ কৰাৰ লগতে দুৰ্বৃত্তই সকলো মূল্যবান সা-সামগ্ৰী চুৰি কৰি লৈ যায় ৷ জানিব পৰা মতে, মখলিছুৰ ৰহমান আৰু মহবুবুৰ ৰহমান নামৰ দুটা পৰিয়ালৰ মাজত দীৰ্ঘদিন ধৰি ভূমি সংক্ৰান্তীয় বিবাদ চলি আহিছিল ৷
তাৰ মাজতে সোমবাৰে নিশা অভিযোগ অনুসৰি মখলিছুৰ ৰহমানৰ ঘৰত কোনো দুৰ্বৃত্ত প্ৰৱেশ কৰি ঘৰৰ সা-সামগ্ৰী লণ্ড-ভণ্ড কৰাৰ লগতে অগ্নি সংযোগ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত জড়িত থকাৰ অভিযোগত পৰিয়ালটোৱে পাঁচগৰাকী ব্যক্তিৰ বিৰুদ্ধে স্থানীয় আৰক্ষী চকীত দাখিল কৰিছে অভিযোগ ৷ এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়কঃ হোজাইত লাভ জেহাদীৰ কৱলৰ পৰা উদ্ধাৰ জনজাতীয় যুৱতী