ETV Bharat / state

কৰিমগঞ্জত কৃষি আইনৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ - কৃষি আইন

সোমবাৰে কৰিমগঞ্জত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ ফকিৰবজাৰৰ এখন খেতিপথাৰত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৃষক সমাজৰ ৷ শীঘ্ৰেই কৃষক বিৰোধী আইন বাতিলৰ হুংকাৰ দিয়ে কৃষকসকলে ৷

farmers protest
কৰিমগঞ্জত কৃষক সমাজৰ প্ৰতিবাদ
author img

By

Published : Dec 14, 2020, 2:29 PM IST

কৰিমগঞ্জ,14 ডিচেম্বৰ : সমগ্ৰ দেশতে ৰাজ্যৰ কৰিমগঞ্জতো অব্যাহত আছে কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ সোমবাৰে উত্তৰ কৰিমগঞ্জৰ বিধানসভাৰ অন্তৰ্গত ফকিৰবজাৰৰ এখন খেতিপথাৰত অভিনৱ পদ্ধতিৰে প্ৰতিবাদ সাব্যস্ত কৰে কৃষক সমাজে ৷

farmers protest
কৰিমগঞ্জত কৃষক সমাজৰ প্ৰতিবাদ

কৃষকসকলে উৎপাদন কৰা ধান চৰকাৰে বান্ধি দিয়া নূন্যতম মূল্যত ক্ৰয় কৰাৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে কৃষকসকলে । লগতে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ তিনিখন কৃষি আইন বাতিল কৰাৰো কঠোৰ দাবী জনায় । কৃষকসকলৰ লগতে প্ৰতিবাদত অংশগ্ৰহণ কৰে কৰিমগঞ্জৰ চিপিআই আৰু সদৌ অসম কৃষক সভাৰ সদস্যসকলে ।

কৃষক বিৰোধী আইন শীঘ্ৰেই বাতিল কৰিব লাগে । অন্যথা বৃহত্তৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী কৃষক সমাজে ।

লগতে পঢ়ক : শিল্পী মনোজ বড়াৰ অগপত যোগদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.