কৰিমগঞ্জ, 9 মে': প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ পিচত এইবাৰ, প্ৰাক্তন সংসদীয় সচিব তথা আগশাৰীৰ কংগ্ৰেছ নেতা মনিলাল গোৱালা আৰু বহু কেইজন কংগ্ৰেছ নেতাক হোম কোৱাৰেণ্টাইনত ৰাখিলে কৰিমগঞ্জ প্ৰশাসনে । ছিদ্দিক আহমেদে যোৱা কেইদিমান পূৰ্বে কৰিমগঞ্জৰ কচুৱাধাম কোৱাৰেণ্টাইন কেন্দ্ৰত গৈ জামাতী সকলক লগ কৰিছিল । লগত গৈছিল আন কেইবা গৰাকীও কংগ্ৰেছ নেতা ।
উল্লেখ্য যে, বিগত সপ্তাহত কচুৱাধামৰ কোৱাৰেণ্টাইন কেন্দ্ৰতে এগৰাকী লোকৰ দেহত COVID-19ৰ অৱস্থিতি ধৰা পৰিছিল । জানিব পৰা মতে, ছিদ্দিক আহমেদৰ সংস্পৰ্শলৈ আহিছিল মনিলাল গোৱালাকে ধৰি কেইবাজনো কংগ্ৰেছ নেতা । যাৰ বাবে তেওঁলোকক হোম কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা লৈছে জিলা প্ৰশাসনে ।