ETV Bharat / state

কৰিমগঞ্জত ড্ৰাগছসহ আটক এজন ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Jun 4, 2021, 8:26 AM IST

ৰাজ্য়ৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ কৰিমগঞ্জতো অব্যাহত ড্ৰাগছ বিৰোধী অভিযান ৷ পাথাৰকান্দি আৰক্ষীয়ে চলোৱা এক অভিযানত ড্ৰাগছ সহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

drugs-peddler-caught-by-patharkandi-police
কৰিমগঞ্জত ড্ৰাগছসহ আটক এজন ড্ৰাগছ সৰবৰাহকাৰী

পাথাৰকান্দি, 4 জুন : ৰাজ্যজুৰি তীব্ৰতৰ হৈ উঠিছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । মুখ্যমন্ত্ৰীৰ ড্ৰাগমুক্ত অসম গঢ়াৰ আহ্বানৰ প্ৰতি সহাৰি জনাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে এই অভিযান । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কৰিমগঞ্জতো প্ৰতিদিনেই আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বৰবিহ ড্ৰাগছ ।

বৃহস্পতিবাৰে এক গোপন সূত্ৰৰ ভিত্তিত পাথাৰকান্দি আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলায় ৷ এই অভিযানত ড্ৰাগছৰ সৈতে এজন ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে পাথাৰকান্দি আৰক্ষীয়ে । আমিৰ হুছেইন নামৰ এই যুৱকজনক ড্ৰাগছৰ সৈতে হাটখলা এলেকাৰ পৰা আটক কৰে আৰক্ষীয়ে ।

অভিযুক্ত আমিৰ হুছেইনৰ পৰা জব্দ হৈছে প্লাষ্টিকৰ কণ্টেইনাৰত 1.82 গ্ৰাম সন্দেহ জনক ড্ৰাগছ । কেইবাটাও টেমাৰ ভিতৰত আছিল এই ড্ৰাগছখিনি । উল্লেখ্য যে, পূৰ্বেও আৰক্ষীয়ে এই যুৱক জনক আটক কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : বিলাসীপাৰাৰ সূৰ্যখাতাত আৰক্ষীৰ জালত গাঞ্জা সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.