ETV Bharat / state

ডিজিটেল আন্দোলনেৰে এখন উদ্যান ৰক্ষাৰ আহ্বান একাংশ শিশুৰ

author img

By

Published : Jun 28, 2021, 10:46 PM IST

কৰিমগঞ্জ চহৰৰ মাজমজিয়াতঅবস্থিত শম্ভূ সাগৰ পাৰ্ক নামৰ উদ্যানখন চাফ চিকুনকৈ ৰখাৰ দাবীত আৰম্ভ হৈছে এক অভিনৱ আন্দোলন । ডিজিটেল প্লেটফৰ্ম'ৰ জৰিয়তে আৰম্ভ হোৱা আন্দোলনত অংশ গ্ৰহণ কৰিছে বহিৰাষ্ট্ৰৰ লোকেও । বিশেষকৈ কণ কণ শিশু সকলে শম্ভূ সাগৰ পাৰ্ক নামৰ শিশু উদ্যানখন জীয়াই ৰখাৰ দাবীত হাতে হাতে প্লে’কাৰ্ড লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহায় কামনা কৰিছে ।

digital-movement-in-karimganj
ডিজিটেল আন্দোলনেৰে মুখ্যমন্ত্ৰীক অনুৰোধ শিশুসকলৰ

কৰিমগঞ্জ, 28 জুন : বৰ্তমান ক’ৰণা মহামাৰীৰ ফলত দেশৰ লগতে ৰাজ্যৰ পৰিস্থিতি প্ৰতিদিনেই প্ৰত্যাহ্বান মূলক হৈ পৰিছে ৷ বিভিন্ন প্ৰান্তত ভয়াৱহভাৱে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ৷ ইতিমধ্যে ক’ৰণাৰ তৃতীয় ঢৌৰ তথ্য জানিব পৰা গৈছে ৷

কিন্তু এই মহামাৰীৰ ফলত বিদ্যালয়, শিশু উদ্যান সমূহ বন্ধ হৈ পৰাত শিশু সকলৰ খেলা-ধূলা কৰা ঠাই নোহোৱা হৈছে ৷ ফলত ঘৰতেই আৱদ্ধ হৈ পৰিছে কণমানি সকল ৷ তেনে সময়তেই কৰিমগঞ্জ চহৰৰ মাজমজিয়াত অৱস্থিত শম্ভূ সাগৰ পাৰ্ক নামৰ উদ্যানখন চাফ-চিকুণকৈ কৰি ৰখাৰ দাবীত আৰম্ভ হৈছে এক অভিনৱ আন্দোলন । ডিজিটেল প্লেটফৰ্ম'ৰ জৰিয়তে আৰম্ভ হোৱা আন্দোলনত অংশ গ্ৰহণ কৰিছে বহিৰাষ্ট্ৰৰ লোকেও ।

বিশেষকৈ কণ কণ শিশু সকলে শম্ভূ সাগৰ পাৰ্ক নামৰ শিশু উদ্যানখন জীয়াই ৰখাৰ দাবীত হাতে হাতে প্লেকাৰ্ড লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহায় কামনা কৰিছে । কৰিমগঞ্জ চহৰৰ মাজমজিয়াত অৱস্থিত এখন উদ্যান । যি উদ্যানখনৰ নাম হৈছে শম্ভূ সাগৰ পাৰ্ক । কৰিমগঞ্জ চহৰত শিশু সকলৰ বিনোদনৰ একমাত্ৰ মাধ্যম আছিল এইখন উদ্যান ।

এটা সময়ত যথেষ্ঠ প্ৰাণচঞ্চল আছিল উদ্যানখন । শিশু সকলৰ মনোৰঞ্জনৰ বাবে উদ্যানত সংস্থাপন কৰা হৈছিল বিভিন্ন সামগ্ৰী । অথচ বিগত কেইবা বছৰ ধৰি উদ্যানখন বন্ধ হৈ আছে । প্ৰৱেশ দ্বাৰত তলা লগাই বন্ধ কৰি দিয়া হৈছিল উদ্যানখনৰ ।

যাৰ ফলত এইখন উদ্যানত এতিয়া হাবি জংঘলে ভৰি পৰিছে । যাৰ ফলত এই উদ্যানখন সংস্কাৰৰ অভাৱত একপ্ৰকাৰ অস্তিত্ব হেৰুৱাব লগা এক পৰিস্থিতিৰ সম্মুখীন হ'ব লগীয়া হৈছে । সম্প্ৰতি এই উদ্যানখন সংস্কাৰৰ দাবীত সামাজিক মাধ্যমত আৰম্ভ হৈছে এক অভিনৱ আন্দোলন । আন্দোলনত ভাগ লৈছে দেশ বিদেশৰ বহু লোকে ।

উল্লেখ্য যে, এটা ফেইচবুক পেইজৰ জৰিয়তে আৰম্ভ হৈছে এক বিশেষ ডিজিটেল আন্দোলন । য’ত দেখিবলৈ পোৱা গৈছে শিশু সকলে হাতে হাতে প্লেকাৰ্ড লৈ ‘হিমন্ত মামা’ক পাৰ্কখনৰ সংস্কাৰৰ দাবী উত্থাপন কৰিছে । আনকি এগৰাকী বিদেশী মহিলাই এই পেইজত এটা ভিডিঅ’ বাৰ্তা আপলোড কৰিছে । য’ত তেওঁ উল্লেখ কৰিছে যে, এটা সময়ত তেওঁ কৰিমগঞ্জলৈ আহিছিল আৰু উদ্যানখনৰ সৌন্দৰ্য উপভোগ কৰিছিল । সম্প্ৰতি এই উদ্যানখনৰ দুৰবস্থাৰ কথা গম পাই তেওঁ নিজেও উদ্যানখন সংস্কাৰৰ দাবীৰ আন্দোলনত চামিল হৈছে ।

লগতে পঢ়ক:আগৰতলাৰ পদপথৰ এখন বিশেষ বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.