ETV Bharat / state

ভাৰত-বাংলা সীমান্তৰ সুৰংগৰ ঘটনাক গাপ দিয়াৰ চেষ্টা বি এছ এফৰ

author img

By

Published : Jan 6, 2021, 11:01 AM IST

মঙলবাৰে সীমা সুৰক্ষা বাহিনীৰ কাছাৰ ফ্ৰণ্টিয়াৰৰ উপ মহাপৰিদৰ্শক, অসম আৰক্ষীৰ দক্ষিণ অসম প্ৰান্তৰ উপ মহাপৰিদৰ্শক, কৰিমগঞ্জৰ জিলা উপায়ুক্ত,আৰক্ষী অধীক্ষকসহ এটা দল উপস্থিত হয় ভাৰত-বাংলা সীমান্তত ৷ সীমান্তৰ বহু চৰ্চিত অঞ্চলটো পৰিদৰ্শনৰ অন্তত কৰিমগঞ্জৰ উপায়ুক্তৰ কাৰ্যালয়ত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় দলটো ৷

DIG AP & BSF EXAMINE THE HUME PIPED SPOT AT BORDER KARIMGANJ ASSAM ETV BHARAT NEWS
ভাৰত-বাংলা সীমান্ত পৰিদৰ্শন অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

কৰিমগঞ্জ,6 জানুৱাৰী : ভাৰত-বাংলাদেশৰ সীমান্ত সমস্যা দীৰ্ঘদিনৰ পৰাই গুৰুত্বপূৰ্ণ সমস্যা হিচাপে বিবেচিত হৈ আহিছে ৷ কেইদিনমন পূৰ্বে সীমান্ত পথৰ তলত থকা হিউম পাইপেৰে বাংলাদেশী নাগৰিকে অহা-যোৱা কৰাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশিত হৈছিল ৷ এই বাতৰি প্ৰকাশ পোৱাৰ পিছতে তৎপৰ হৈ উঠিছে সীমা সুৰক্ষা বাহিনীৰ লগতে অসম আৰক্ষী ৷

মঙলবাৰে সীমা সুৰক্ষা বাহিনীৰ কাছাৰ ফ্ৰণ্টিয়াৰৰ উপ মহাপৰিদৰ্শক, অসম আৰক্ষীৰ দক্ষিণ অসম প্ৰান্তৰ উপ মহাপৰিদৰ্শক, কৰিমগঞ্জৰ জিলা উপায়ুক্ত,আৰক্ষী অধীক্ষকসহ এটা দল উক্ত অঞ্চলত উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰে ৷ সীমান্তৰ বহু চৰ্চিত অঞ্চলটো পৰিদৰ্শনৰ অন্তত কৰিমগঞ্জৰ উপায়ুক্তৰ কাৰ্যালয়ত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় দলটো ৷ কিন্তু এই বৈঠকত আৰক্ষীৰ শীৰ্ষ নেতাসকলৰ সন্মুখত বিষয়টো গাপ দিবলৈ চেষ্টা চলাই সীমা সুৰক্ষা বাহিনীয়ে ৷ উল্লেখ্য যে,আৰক্ষীৰ শীৰ্ষ নেতাসকল অঞ্চলটো পৰিদৰ্শন কৰাৰ সময়ত তাত সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰা আছিল ৷ বৈঠকৰ পিছতো সাংবাদিকৰ আগত মুখ খোলাৰ পৰা বিৰত থাকে সীমা সুৰক্ষা বাহিনীৰ কাছাৰ ফ্ৰণ্টিয়াৰৰ উপ মহাপৰিদৰ্শক গৰাকী ৷

অৱশ্যে এই সন্দৰ্ভত অসম আৰক্ষীৰ দক্ষিণ অসম প্ৰান্তৰ উপ মহাপৰিদৰ্শক দিলীপ কুমাৰ দে’য়ে হিউম পাইপসমূহ বিভিন্ন কাৰণত বিনষ্ট হোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ মেৰামতিৰ প্ৰয়োজন থকা বুলি ব্যক্ত কৰে ৷ যাৰ বাবে কেন্দ্ৰীয় গড়কাপ্তানী বিভাগে ইয়াৰ মেৰামতিৰ কাম সম্পন্ন কৰিব ৷ কিন্তু হিউম পাইপৰ মাজেৰে মানুহ অহা-যোৱা কৰাতো অসম্ভৱ বুলি মন্তব্য কৰে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে ৷ তদুপৰি 2018 চনৰ অনুৰূপ ঘটনা সংঘটিত হোৱাৰ বিষয়টো অস্বীকাৰ কৰে ৷

সীমা সুৰক্ষা সংস্থাই এই বিষয়ে ভুৱা তথ্য দাঙি ধৰিলেও অসম আৰক্ষীয়ে এনে বিষয় অজ্ঞাতে নাৰাখে বুলি ব্যক্ত কৰে আৰক্ষী বিষয়াগৰাকীয়ে ৷ 2018 চনত 7 গৰাকী বাংলাদেশী নাগৰিকে গৰু চুৰিৰ উদ্দেশ্যে উক্ত অঞ্চলৰে প্ৰৱেশ কৰিছিল অসমৰ ভূমিত ৷ বাংলাদেশী নাগৰিকৰ দলটোৱে দুগৰাকী ভাৰতৰ ব্যক্তিক আক্ৰমণ কৰে যদিও আৰক্ষীয়ে দলটোৰ দুগৰাকী ব্যক্তিক আটক কৰে ৷

লগতে চাওকঃ গুৰুতৰভাৱে অসুস্থ প্ৰখ্যাত বিজ্ঞানী ডঃ জিতেন্দ্ৰ নাথ গোস্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.