ETV Bharat / state

মৃতদেহ উদ্ধাৰক লৈ কৰিমগঞ্জত চাঞ্চল্য - হাতিখীৰা চাহ বাগিছা

চুলাই আনিবলৈ গৈ আধা বাটতে ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লয় কৰিমগঞ্জৰ হাতিখীৰা চাহ বাগিছাৰ হৰি চাওতাল নামৰ লোকজনে । লোকজনৰ মৃত্যুত লৈ চাঞ্চল্য অব্যাহত অঞ্চলটোত ।

deadbody recovered in karimganj
deadbody recovered in karimganj
author img

By

Published : May 11, 2020, 2:09 PM IST

কৰিমগঞ্জ, 11 মে': কৰিমগঞ্জৰ হাতিখীৰা চাহ বাগিছাত এগৰাকী লোকৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ । লক্ ডাউনৰ মাজতো পাথাৰকান্দি সমষ্টিৰ বিভিন্ন চাহ বাগিছাত চলি আছে নিষিদ্ধ চুলাইৰ বেহা । বিক্ৰীৰ বাবে চুলাই আনিবলৈ গৈ আধা বাটতে ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লয় হৰি চাওতাল নামৰ লোকজনৰ ।

কৰিমগঞ্জত এগৰাকী লোকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

প্ৰাপ্ত তথ্য অনুসৰি, হৰি চাওতাল নামৰ লোকজনে গংগা ৰবিদাস নামৰ এজন লোকৰ ঘৰৰ পৰা চুলাই আনিবলৈ গৈছিল । বহু সময়ৰ পিচতো লোকজন ঘৰলৈ উভতি নহাত লোকজনৰ পুত্ৰই পিতৃক বিচাৰি, ঘৰৰ পৰা ওলাই গৈ মাজ বাটতে পিতৃৰ মৃতদেহ পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে । তাৰ পিচতেই আন এগৰাকী স্থানীয় লোকেও লোকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি অৱগত কৰে বাজাৰিছড়া আৰক্ষীক । কিন্তু তাৎপৰ্যপূৰ্ণভাৱে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষা নকৰাকৈয়ে সৎকাৰ কৰিবলৈ অনুমতি প্ৰদান কৰে । যাৰ বাবে এতিয়া লোকজনৰ মৃত্যুৰ কাৰণক লৈ কৌতুহল থাকি গ'ল একাংশ লোকৰ মাজত । এই ক্ষেত্ৰত আৰক্ষীৰ ভুমিকাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ।

লগতে পঢ়কঃ বটদ্ৰৱাত আৰক্ষীৰ জালত পত্নী হত্যাকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.