কৰিমগঞ্জ, ৯ জানুৱাৰী: কৰিমগঞ্জৰ ঝৰায়ালা গাঁৱত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । মৃত যুৱকজনৰ নাম তজমুল হুছেইন বুলি জানিবপৰা গৈছে । শেৰপুৰ গাঁৱৰ যুৱকজনক কোনো দুস্কৃতিকাৰীয়ে হত্যা কৰি পেলাই থোৱাৰ সন্দেহ ৰাইজৰ । বাৰইগ্ৰাম- দুৰ্লভছেৰা ৰে'ল লাইনৰ কাষত উদ্ধাৰ হৈছে মৃতদেহটো। মুখ বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহটো ।
মৃত যুৱকগৰাকী পেছাত আছিল ৰাজমিস্ত্ৰীৰ সহযোগী । নাগালেণ্ডৰ ডিমাপুৰত কাম কৰি আছিল যুৱকজনে । যোৱা এমাহ পূৰ্বে শেৰপুৰৰ গাঁৱৰ ঘৰলৈ আহিছিল আৰু দেওবাৰে বিয়লিৰ ভাগত ঘৰৰ পৰা ডিমাপুৰ যোৱাৰ উদ্যেশ্যৰে ওলাই গৈছিল । তজমুলৰ পৰিয়ালৰ লোকে জানিব দিয়া অনুসৰি তজমুলৰ শহুৰেকৰ ঘৰ মৃতদেহ পৰি থকা অঞ্চলৰ নিলগত থকা বৈদ্যনাথপুৰ গাঁৱত ।
যোৱা এমাহ পূৰ্বে শহুৰেকৰ পৰিয়ালে তজমুলৰ পত্নীক ঘৰলৈ লৈ গৈছিল । আনকি কিছুদিন পূৰ্বে আৰক্ষীৰ সহযোগত দুই সন্তনকো শহুৰেকৰ ঘৰলৈ নিয়া হৈছিল । ইয়াৰ মাাজতে মঙলবাৰে পুৱাৰ ভাগত ঝৰায়ালা এলেকাত মৃতদেহটো উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্য । মুখত গামোচা মেৰিয়াই থোৱা অবস্থাত উদ্ধাৰ হোৱা মৃতদেহটোৰ মূৰৰ পাছফালে আঘাতৰ চিন স্পষ্ট । ৰে'ল লাইনৰ ওপৰত পেলাই থোৱা আছিল থকা এটা বেগ ।
পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, তজমুল হুছেইনক দুস্কৃতিকাৰীয়ে হত্যা কৰি ৰে'ল আলিৰ কাষত পেলাই থৈ যায় । ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে পাথাৰকান্দি আৰক্ষী থানাৰ আৰক্ষী, ৰেল আৰক্ষী আৰু কৰিমগঞ্জ সদৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাস । ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।
লগতে পঢ়ক: খোৱাঙত দুস্কৃতিকাৰীয়ে আহত কৰিলে দুষ্প্ৰাপ্য বৰটোকোলা