ETV Bharat / state

প্ৰাপ্য বিচাৰি প্ৰতিবাদত বহিল বিক্ৰীকৰ বিভাগৰ কৰ্মচাৰী - data entry operator protest against assam govt in Assam Tripura border

প্ৰতিবাদত উত্তাল হ’ল অসম-ত্ৰিপুৰা সীমান্ত ৷ চাকৰি নিয়মীয়াকৰণৰ দাবীত বিক্ৰীকৰ বিভাগৰ ডাটা এণ্ট্ৰি অপাৰেটৰসকলে প্ৰাপ্য বিচাৰি বৃহস্পতিবাৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷

data entry operator protest against assam govt
প্ৰাপ্য বিচাৰি প্ৰতিবাদত বহিল বিক্ৰীকৰ বিভাগৰ কৰ্মচাৰী সকল
author img

By

Published : Aug 7, 2021, 11:27 AM IST

কৰিমগঞ্জ, 7 আগষ্ট : ৰাজ্যত অব্যাহত আছে প্ৰতিবাদৰ ঢৌ ৷ এইবাৰ প্ৰতিবাদত উত্তাল হ’ল অসম-ত্ৰিপুৰা সীমান্ত ৷ প্ৰাপ্য বিচাৰি প্ৰতিবাদত বহিল বিক্ৰীকৰ পৰীক্ষণ চকীৰ অস্থায়ী কৰ্মচাৰীসকল ৷ বৃহস্পতিবাৰে চুৰাইবাৰী আৰু দিঘৰখাল গেটৰ যৌথ উদ্যোগত বিক্ৰীকৰ পৰীক্ষণ চকীৰ অস্থায়ী কৰ্মচাৰীসকলে স্থায়ী কৰ্ম সংস্থাপনৰ দাবীত ৰূপায়ণ কৰে এক ধৰ্ণা কাৰ্যসূচীৰ ৷

কিয়নো প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ লোৱাৰ পাচতে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছিল বিক্ৰীকৰ বিভাগৰ স্থায়ী কাৰ্যালয় ৷ যাৰ ফলত কৰ্তন হৈছিল বহুলোকৰ চাকৰি তথা কৰ্ম সংস্থাপন ৷ বিপাঙত পৰিছে এতিয়া শতাধিক বিক্ৰীকৰ বিভাগৰ অস্থায়ী কৰ্মচাৰীসকল ৷ চাকৰি কৰ্তনৰ পাচত পৰিয়াল পোহপাল দিয়াত অসমৰ্থ হৈ পৰিছে এতিয়া বিক্ৰীকৰ বিভাগৰ অস্থায়ী কৰ্মচাৰীসকল ৷

data entry operator protest against assam govt
প্ৰাপ্য বিচাৰি প্ৰতিবাদত বহিল বিক্ৰীকৰ বিভাগৰ কৰ্মচাৰী

হঠাৎ বন্ধ হৈ যোৱা বিক্ৰীকৰ বিভাগৰ অস্থায়ী কৰ্মচাৰীসকলে উপযুক্ত কৰ্ম সংস্থাপনৰ দাবীত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ বৰ্তমান বিক্ৰীকৰ বিভাগৰ সম্পূৰ্ণ কাম-কাজ চোৱাচিতা কৰে জিএছটি(GST) বিভাগে ৷ পূৰ্বৰ বিক্ৰীকৰ বিভাগৰ সকলো কাম-কাজ GST বিভাগক অৰ্পণ কৰা ক্ষোভিত হৈ পৰিছে এতিয়া বিক্ৰীকৰ বিভাগৰ অস্থায়ী কৰ্মচাৰীসকল ৷ এইক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাই প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক: বিলাসীপাৰাত বৃহত্‍ পৰিমাণৰ বিলাতী সুৰা-চুলাই মদ জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.