ETV Bharat / state

পাথাৰ কান্দি সমষ্টিত গড়কাপ্তানী পথে ধাৰণ কৰিছে মৰনফান্দ - সিংহভাগ অংশ

পথটোৰ সিংহভাগ অংশ প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সৰ্দৃশ গাতলৈ ৰূপান্তৰিত হোৱাৰ ফলত পথটো একপ্ৰকাৰ মৰণফান্দলৈ ৰূপান্তৰিত হৈছে ৷

dangerous road conditions at patharkandi
পাথাৰ কান্দি সমষ্টিত গড়কাপ্তানী পথে ধাৰণ কৰিছে মৰনফান্দ
author img

By

Published : Sep 10, 2020, 4:55 PM IST

কৰিমগঞ্জ,10 ছেপ্তেম্বৰঃ অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে পাথাৰ কান্দি সমষ্টিৰ কানাইবজাৰ ঈৰালগুৰি সংযোগী গড়কাপ্তানী পথ চোৱাই ৷ 8 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে বিধ্বস্ত হৈছে প্ৰায় 20 খনকৈ গাঁৱৰ বাসিন্দাই একমাত্ৰ যাতায়তৰ বাবে ভৰষা কৰা পথটোৰ ৷ উল্লেখযোগ্য যে,যোৱা বছৰ পাথাৰকান্দি বাইপাছৰ প্ৰায় আশী শংতাংশ কাম সম্পন্ন হৈছিল ৷ সেই সৰু গড়কাপ্তানী পথটোৱেদি বাইপাছলৈ যাবলৈ বাহন সমূহে ব্যৱহাৰ কৰি পথটো মৰণফান্দলৈ ৰূপান্তৰিত কৰিছে । কেৱল সৰু বাহন নহয়,মালবাহী প্ৰকাণ্ড প্ৰকাণ্ড ট্ৰাককে ধৰি যাত্ৰীবাহী বাছ পৰ্যন্ত চলাচল কৰে এইটো পথেৰে । যাৰ ফলত পথটোৰ সিংহভাগ অংশ প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সৰ্দৃশ গাতলৈ ৰূপান্তৰিত হোৱাৰ ফলত পথটো একপ্ৰকাৰ মৰণফান্দলৈ ৰূপান্তৰিত হৈছে ।

পাথাৰ কান্দি সমষ্টিত গড়কাপ্তানী পথে ধাৰণ কৰিছে মৰনফান্দ

ইপিনে পথৰ কাষত থকা গাঁৱৰ লোকসকলে এই পথছোৱা দি খোজকাঢ়ি পাৰ হ’ব নোৱাৰা এক পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ গড়কাপ্তানী বিভাগে পথটোৰ মেৰামতি কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। উপায়ন্তৰ হৈ মৰণফান্দত পৰিণত হোৱা পথটোৰ নিৰ্মাণৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়কঃ ব্যাপক সংকটত ৰাজ্যৰ মৃৎশিল্পীসকল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.