কৰিমগঞ্জ,14আগষ্ট : ত্ৰিপুৰাৰ কৈলাশ চহৰৰ গোলকপুৰ চাহ বাগিছাত সংঘটিত হৈছে লজ্জাজনক এক ঘটনা ৷ এজন চিআৰপিএফ জোৱানে বিয়াৰ প্ৰলোভন দি এগৰাকী নাবালিকা কিশোৰীক অন্ত:সত্বা কৰাৰ অভিযোগ ৷ নাবালিকাগৰাকীৰ পৰিয়ালে উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ ৷ দীৰ্ঘদিনে শাৰিৰীক সম্পৰ্ক স্থাপন কৰা ধৃত জোৱানজনৰ নাম মান্না কৰ্মকাৰ ৷ জোৱানজনে দৰিদ্ৰতাৰ অজুহাত লৈ দীৰ্ঘদিনৰ পৰাই নাবালিকা গৰাকীৰ লগত স্থাপন কৰি আহিছিল শাৰিৰীক সম্পৰ্ক ৷ নাবালিকাগৰাকী বৰ্তমান অন্ত:সত্বা হোৱাৰ পাছতেই বিয়াৰ বাবে জোৱানজন অমান্তি হোৱা ঘটনাই এতিয়া চাঞ্চল্য সৃষ্টি কৰিছে অঞ্চলজুৰি ৷
অন্য এক খবৰৰ বাবে: কমলা হেৰিছ-এক দক্ষিণ এছীয় প্ৰৱজনকাৰী আমেৰিকাবাসীৰ সপোন
পৰিয়ালৰ লোকৰ মন্তব্য অনুসৰি, নাবালিকা কিশোৰীগৰাকীক বিয়াৰ মিছা প্ৰলোভন দি শাৰীৰিক সম্পৰ্ক গঢ়ি তুলিছিল ধৃত মান্না কৰ্মকাৰে ৷ দৰিদ্ৰ পৰিয়ালটিক আৰ্থিক ভাৱে সহায় কৰাৰ প্ৰতিশ্ৰুতি দি জোৱানজনে কিশোৰীগৰাকীৰ পিতৃ- মাতৃকো অৱগত কৰিছিল তেওঁলোকৰ বিয়াৰ কথা ৷ কিন্তু ইয়াৰ পাছতে কিশোৰীগৰাকী অন্তঃসত্বা হোৱাত কিশোৰীগৰাকীক বিয়া কৰাবলৈ অমান্তি হয় জোৱানজন ৷
এই ঘটনাৰ বাবে কিশোৰীগৰাকীৰ পৰিয়ালে কাষ চাপে কৈলাশ চহৰৰ মহিলা আৰক্ষী থানাৰ ৷ নাবালিকাগৰাকীৰ ন্যায় বিচাৰি থানাখনত ৰুজু কৰে গোচৰ ৷ কিন্তু আৰক্ষী থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিংকি দেৱবৰ্মাই ঘটনাটোত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৷ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে জোৱানজনৰ পৰা মোতা অংশৰ ধন লৈ ঘটনাৰ তদন্ত নকৰাৰ অভিযোগ উত্থাপন কৰে কিশোৰীগৰাকীৰ পৰিয়ালে ৷
ইফালে, স্থানীয় পঞ্চায়ত প্ৰতিনিধিৰ নেতৃত্বত হোৱা বিচাৰত কিশোৰীগৰাকীক ধৃত মান্না কৰ্মকাৰে অন্ত:সত্বা কৰাৰ কথা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে ৷ কিশোৰীগৰাকীৰ DNA টেষ্ট কৰি সত্যতা প্ৰমাণ কৰিবলৈ দাবী জনাই মান্নাৰ পৰিয়ালে ৷