কৰিমগঞ্জ, 22মাৰ্চ: ৰাজ্যত কৰ’ণা মহামাৰীয়ে লৈছে ভয়াৱহ ৰূপ ৷ দৈনিক বৃদ্ধি পাইছে কৰ’ণা মহামাৰীৰ ৰোগীৰ সংখ্যা ৷ সোমবাৰে কৰিমগঞ্জত নতুনকৈ এগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে কৰ’ণাৰ উপস্থিতি ৷
![কৰিমগঞ্জত নতুনকৈ ধৰা পৰিছে এগৰাকী ক’ৰ’না পজিটিভ ৰোগী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11108038_img.jpg)
কৰ’ণাত আক্ৰান্ত লোক জন হৈছে 36 বৰ্ষীয় অমিতাভ দে ৷ তেওঁৰ ঘৰ কৰিমগঞ্জ ডিচি বাংলা ৰোডত ৷ উল্লেখ্য যে, অমিতাভ দেৰ দেহত জ্বৰৰ উপসৰ্গ ধৰা পৰাত কৰিমগঞ্জৰ অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰোতে চিকিৎসকে কৰ’ণা ট্ৰিটমেন্ট চেন্টাৰত ভৰ্তি কৰায় ৷