ETV Bharat / state

কৰিমগঞ্জত সাজু চাৰিটা কোৱাৰেণ্টাইন কক্ষ

author img

By

Published : May 9, 2020, 3:47 PM IST

কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈছে কৰিমগঞ্জ জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগ ৷ ইতিমধ্যে চাৰিখন পৃথক চিকিৎসালয়ত সাজু কৰি তোলা হৈছে চাৰিটাকৈ কোৱাৰেণ্টাইন কক্ষ ৷ লগতে সহস্ৰাধিক লোকক ৰখা হৈছে হোম কোৱাৰেণ্টাইনত ৷

Covid 19 update karimganj assam etv bharat news
covid 19

কৰিমগঞ্জ,9 মে’ঃ কৰ’ণা ভাইৰাছৰ বিপক্ষে যুঁজিবলৈ সম্পূৰ্ণ সাজু কৰিমগঞ্জ জিলা প্ৰশাসন ৷ জিলাখনত ইতিমধ্যে চাৰিটাকৈ কোৱাৰেণ্টাইন কেন্দ্ৰ সাজু কৰি তোলা হৈছে ৷ সেইসূত্ৰে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়, গিৰিশগঞ্জ আদৰ্শ চিকিৎসালয়, কঁচুয়াধাম আদৰ্শ চিকিৎসালয় আৰু পাথাৰকান্দি আদৰ্শ চিকিৎসালয়ত এই কেন্দ্ৰ সমূহ স্থাপন কৰা হৈছে ৷ জিলাখনৰ প্ৰায় 1,244 গৰাকী লোকক ইতিমধ্যে হোম কোৱাৰেণ্টাইনত ৰখা হৈছে ৷

সাজু জিলা প্ৰশাসন

আনহাতে, কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত 4 গৰাকী লোক চিকিৎসাৰ পিছত সুস্থ হৈ উঠাত ঘৰলৈ যাবলৈ দিয়ে প্ৰশাসনে ৷ সমান্তৰালকৈ কঁচুয়াধাম আদৰ্শ চিকিৎসালয়ত 13 গৰাকী লোকে বৰ্তমান চিকিৎসা গ্ৰহণ কৰি থকাৰ বিপৰীতে 15 গৰাকীক চিকিৎসাৰ পিছত ঘৰলৈ যাবলৈ দিয়া হৈছে । অন্য দুখন চিকিৎসালয় ক্ৰমে গিৰিশগঞ্জ আদৰ্শ চিকিৎসালয়ত 10 গৰাকী লোকে চিকিৎসা গ্ৰহণৰ লগতে আন 13 গৰাকীক ঘৰলৈ যোৱাৰ অনুমতি দিয়া হৈছে । পাথাৰকান্দি আদৰ্শ চিকিৎসালয়ত 7 গৰাকী লোকক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হৈছে ।

লগতে চাওকঃ কাছাৰত কৰ'ণা আক্ৰান্তৰ সংখ্যা 11 গৰাকীলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.