কৰিমগঞ্জ,5জুলাইঃ অসম ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীত কৰ'ণাতংক ৷ অসমৰ সমান্তৰালভাৱে ত্ৰিপুৰটো কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত শংকিত হৈ পৰিছে সাধাৰণ ৰাইজ ৷
জানিব পৰা মতে, পূব চুৰাইবাৰী পঞ্চায়তৰ 2 নং ৱাৰ্ডৰ বাসিন্দা সমৰেন্দ্ৰ তন্তুবাই বিগত 29 জুনত এখন ট্ৰাকত উঠি গুৱাহাটীৰ পৰা চুৰাইবাৰী লৈকে আহিছিল আৰু ত্ৰিপুৰাত তেওঁৰ নমুনা সংগ্ৰহ কৰাৰ পিছত শনিবাৰে তেওঁৰ ফলাফল পজিটিভ আহে । যিহেতু ইমানদিনে ব্যক্তিজন হোম কোৱাৰেন্টাইত আছিল, সেয়ে COVID-19 পজিটিভ হিচাপে চিনাক্ত হোৱাৰ পিছত সমগ্ৰ এলেকাত চাঞ্চল্যৰ সৃষ্টি হৈছে । আনজন কৰ'ণাত আক্ৰান্ত ব্যক্তি হৈছে বহিঃৰাজ্যৰ চালক শ্যামসুন্দৰ শৰ্মা । বৰ্তমান কৰ'ণাত আক্ৰান্ত সকলৰ চিকিৎসা চলি আছে কুমাৰঘাট COVID হাস্পতালত ৷
লগতে পঢ়কঃমাৰ্ডাৰ ছবিৰ বিবাদ সন্দৰ্ভত ৰাম গোপাল বৰ্মাৰ বিৰুদ্ধে গোচৰ