ETV Bharat / state

গ্ৰাহকলৈ বটল দলিয়ালে অসম গ্ৰামীণ বিকাশ বেংকৰ কৰ্মচাৰীয়ে

বৃহস্পতিবাৰে কৰিমগঞ্জৰ লোৱাইৰপোৱাৰ অসম গ্ৰামীণ বিকাশ বেংকৰ শাখাত এক আজৱ কাণ্ড সংঘটিত হৈছে ৷ বেংকটোৰ এজন কৰ্মচাৰীয়ে গ্ৰাহকলৈ বটল দলিওৱাক কেন্দ্ৰ কৰি উত্তপ্ত হয় পৰিস্থিতি ৷ কিছুদিনৰ পৰা উক্ত শাখাটোৰ কৰ্মচাৰীয়ে গ্ৰাহকক হাৰাশাস্তি কৰি আহিছিল বুলি অভিযোগ উত্থাপিত হৈছে ৷

author img

By

Published : Nov 15, 2019, 10:52 AM IST

Updated : Nov 15, 2019, 11:19 AM IST

কৰিমগঞ্জৰ অসম গ্ৰামীণ বিকাশ বেংকত গ্ৰাহকক দুৰ্ব্যৱহাৰ: উত্তপ্ত পৰিস্থিতি

কৰিমগঞ্জ, 15 নৱেম্ৱৰ: বৃহস্পতিবাৰে কৰিমগঞ্জৰ লোৱাইৰপোৱাৰ অসম গ্ৰামীণ বিকাশ বেংকৰ শাখাত এক আজৱ কাণ্ড সংঘটিত হৈছে । বেংকটোৰ এজন কৰ্মচাৰীয়ে গ্ৰাহকৰ শৰীৰলৈ বটল দলিওৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । এই ঘটনা সংঘটিত হোৱাৰ পিছত গ্ৰাহক আৰু বেংক কৰ্মচাৰীৰ মাজত তীব্ৰ বাকবিতণ্ডাৰ সৃষ্টি হয় । বিগত কিছুদিনৰ পৰা উক্ত শাখাটোৰ কৰ্মচাৰীয়ে গ্ৰাহকক হাৰাশাস্তি কৰি আহিছিল বুলি অভিযোগ উত্থাপিত হৈছে ৷ গ্ৰাহকে জমা ধন উলিয়াবলৈ গৈ প্ৰায়ে হাৰাশাস্তিৰ সম্মুখীন হ’বলগীয়া হয় বুলি জানিব পৰা গৈছে ৷

গ্ৰাহকলৈ বটল দলিয়ালে অসম গ্ৰামীণ বিকাশ বেংকৰ কৰ্মচাৰীয়ে

কিন্তু বৃহস্পতিবাৰে বেংকটোৰ হিচাপ পৰীক্ষক গৰাকীৰ হাতত নিগৃহীত হয় এজন গ্ৰাহক । ঘটনাৰ বিৱৰণী অনুসৰি, স্থানীয় গৌৰীশংকৰ চক্ৰৱৰ্তী নামৰ শিক্ষকজনে জমাধনৰ পৰা কিছু অংশ উক্ত বেংকৰ পৰা উলিয়াবলৈ গৈছিল । পিছত বেংকটোৰ হিচাপ পৰীক্ষক অজয় দাসৰ লগত গ্ৰাহকজনৰ কিবা কাৰণত মতানৈক্য ঘটি কাজিয়াৰ সূত্ৰপাত হয় । কাজিয়াক কেন্দ্ৰ কৰিয়ে অজয় দাসে গ্ৰাহকজনৰ ফালে এটা বটল মাৰি নিক্ষেপ কৰাৰ লগতে দুৰ্ব্যৱহাৰ কৰে । লগতে ৰডেৰে প্ৰহাৰ কৰিবৰ বাবে বেংককৰ্মীজনে উদ্যত হোৱা বুলিও ভুক্তভোগী গ্ৰাহকজনে অভিযোগ উত্থাপন কৰে ৷

কৰিমগঞ্জৰ অসম গ্ৰামীণ বিকাশ বেংকত গ্ৰাহকক দুৰ্ব্যৱহাৰ: উত্তপ্ত পৰিস্থিতি

পিছত ঘটনা সংক্ৰান্তত স্থানীয় ৰাইজ গোট খোৱাত সুযোগ বুজি কৰ্মচাৰীজন পলাই সাৰিবলৈ সক্ষম হয় ৷ প্ৰায়ে বেংকটোত ঘটি থকা এনে কাৰ্যক গৰিহণা দিছে স্থানীয় ৰাইজে ৷

লগতে চাওক:হাতত গোলাপ ফুলৰ পুলি লৈ বিদ্যালয়ে বিদ্যালয়ে যাত্ৰা বহলপুৰৰ গংগাধৰ ৰায়ৰ

Intro:Body:SLUG: CONSUMER HARASSED BY BANK EMPLOYEE, KARIMGANJ
কৰিমগঞ্জৰ এখন বেংকত আজব কাণ্ড সংঘটিত হৈছে । বেংক কৰ্মচাৰিয়ে বোতল দলিৱাই মাৰিলে গ্ৰাহকক । এয়া লৈ তয়ামৈয়া ৰণ গ্ৰাহক আৰু বেংক কৰ্মচাৰিৰ মাজত । ঘটনা কৰিমগঞ্জ জিলাৰ লোৱাইৰপোৱাত থকা অসম গ্ৰামীন বিকাশ বেংকৰ ।
অসম গ্ৰামীন বিকাশ বেংকৰ লোৱাইৰপোৱা শাখাত গ্ৰাহকক হাৰাশাস্তিৰ অভিযোগ বহু পুৰনি । নিজৰ জমা ধন ওলিৱাব গৈ প্ৰায়ে হাৰাশাস্তিৰ সম্মুক্ষিণ হব লগা হয় গ্ৰাহকক । কিন্তু বেংকটোত এইবাৰ ঘটি গল এক উদ্ভোট কাণ্ড । বেংকটোৰ হিচাপ ৰক্ষকৰ হাতত নিগৃহিত হবলগা হল এগৰাকি শিক্ষক গ্ৰাহকক । বোতল দলিৱাই মাৰিলে গ্ৰাহকক । যোৱাকালি লোৱাইৰপোৱা এলাকাৰ এগৰাকি শিক্ষক তথা বেংক গ্ৰাহক গৌৰীশংকৰ চক্ৰৱৰ্তীয়ে নিজৰ জমা ধনৰ পৰা কিছু টকা উঠাবলৈ যায় । হিচাপ ৰক্ষক অজয় দাসে টকাখিনি গতাই দিয়াৰ পাছত ধন্যবাদ জনালে কাজিয়াৰ সুত্ৰপাত হয় । ভূক্তভোগীৰ মতে তেঁও ধন্যবাদ জনালে অজয় দাসে তেঁওক কিবা গালাগালি কৰি দিয়ে । পৰবৰ্তিত গ্ৰাহকজনে টকাখিনি ঘৰত ৰাখি আহি বেয়া ব্যবহাৰ কৰাৰ কাৰন শুধে । ইয়াতে উত্তজিত হৈ উঠে হিচাপ ৰক্ষক অজয় দাস । এয়া মোবাইলত ৰেকৰ্ডিং কৰা সময়ত বেংককৰ্মীজনে হঠাতে বোতল দলিয়াই মাৰি দিয়ে গ্ৰাহকজনৰ ফালে (ভিডিও দিয়া আছে) । ইয়াকে দীৰ্ঘক্ষন বাক বিতণ্ডা চলে দুয়োৰ মাজত । শিক্ষক তথা গ্ৰাহক গৌৰীশংকৰ চক্ৰৱৰ্তীয়ে জনায়, তেঁওক বোতল দি প্ৰহাৰ কৰাৰ বাহিৰেও লোহাৰ ৰডডাল লৈ মাৰিব উদ্যোত হৈছিল বেংক কৰ্মীজনে । পৰবৰ্তিত বেংকৰ তলত আহিও দীৰ্ঘক্ষণ বাকবিতণ্ডা চলে দুয়োৰ মাজত । ঘটনা দেখি বহু লোক সমেবেত হলে পলায়ন কৰে বেংকৰ হিচাপ ৰক্ষক অজয় দাস ।
এনে ঘটনাৰ মুল কাৰন কি এয়া সঠিককৈ কব নোৱাৰিলেও এগৰাকি বেংক কৰ্মচাৰীয়ে যি গ্ৰাহকক বোতল দলিনাই মাৰিছে এয়া কিন্তু স্পষ্ট । এনে কাণ্ড এগৰাকি বেংক কৰ্মচাৰিৰ নিশ্চয়কৈ শোভনীয় নহয় ।

পাথাৰকান্দিৰ পৰা সঞ্জীত কৈৰীৰ সহযোগত কৰিমগঞ্জৰ পৰা ৰাম চক্ৰৱৰ্তী ইটিভি ভাৰত অসম।Conclusion:
Last Updated : Nov 15, 2019, 11:19 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.