ETV Bharat / state

কৰ’ণা সংক্ৰমণ:গণৰোষৰ সন্মুখীন কংগ্ৰেছ কৰ্মী

author img

By

Published : Jul 9, 2020, 2:02 PM IST

পাথাৰকান্দিত দলীয় প্ৰচাৰৰ বাবে যোৱা কংগ্ৰেছ কৰ্মী গণৰোষৰ সন্মুখীন ৷ কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বালিপিপলাৰ বাসিন্দাসকলে গাঁওখনত প্ৰৱেশ নিষিদ্ধ কৰিছিল বাহিৰা লোকৰ ৷ কিন্তু দলীয় কামত যোৱা কংগ্ৰেছৰ দলটোক দেখি উত্তেজিত হৈ পৰে গাঁৱবাসী ৷ অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰে আৱদ্ধ দলটোক ৷

Congress workers facing public outrage in patharkandi karimganj assam etv bharat news
গণৰোষৰ সন্মুখীন কংগ্ৰেছ কৰ্মী

কৰিমগঞ্জ,9 জুলাই: দুৰ্দিন চলিছে কংগ্ৰেছ দলৰ ! ৰাজ্যৰ মুখ্য বিৰোধী দল কংগ্ৰেছৰ পাথাৰকান্দিস্থিত শাখাৰ একাংশ নেতা-কৰ্মী সন্মুখীন হৈছে গণৰোষৰ ৷ দলীয়ে প্ৰচাৰৰ বাবে যোৱা কংগ্ৰেছৰ এটা দলক ক্ষুব্ধ ৰাইজে পহুখেদা দিয়ে ৷ প্ৰকৃততে কৰ’ণা মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে স্থানীয় ৰাইজে আৱাসিক অঞ্চলত প্ৰৱেশত বাধা প্ৰদান কৰে কংগ্ৰেছ নেতা-কৰ্মীৰ দলটোক ৷

গণৰোষৰ সন্মুখীন কংগ্ৰেছ কৰ্মী

ঘটনাৰ বিৱৰণী অনুসৰি,বুধবাৰে বিয়লিৰ ভাগত পাথাৰকান্দি সমষ্টিৰ অন্তৰ্গত বালিপিপলা অঞ্চলত সংঘটিত হয় উক্ত ঘটনা ৷ পাথাৰকান্দিৰ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা পৰৱৰ্তী নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ তৰফৰ পৰা টিকট প্ৰত্যাশী শচীন চাহুৰ নেতৃত্বত বালিপিপলা এলেকাত দলীয় কিছু কামৰ তাগিদাত এটা দলে প্ৰৱেশ কৰিছিল গাঁৱখনত ৷ দলীয় কাম সমাপ্ত কৰি ওভোটাৰ সময়তে গাঁৱবাসীৰ ৰোষত পৰে কংগ্ৰেছৰ দলটো । দৰাচলতে কৰ’ণা মহামাৰীৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গাঁৱবাসীয়ে বাহিৰা লোকৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰিছিল গাঁওখনত ৷ ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি যথেষ্ঠ উত্তপ্ত হৈ পৰে ৷ অৱশেষত একাংশ সচেতন লোকৰ তৎপৰতাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে ৰাইজে আৱদ্ধ কৰি ৰখা দলটোক ৷

লগতে চাওকঃ তিনিচুকীয়াৰ লেখাপানীত আইইডি উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.