কৰিমগঞ্জ, 3 জুলাই: বৃহস্পতিবাৰৰ পৰা সমগ্ৰ ৰাজ্যত ঢৌ উঠিছে প্ৰতিবাদৰ ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি,ভূমি নীতি প্ৰৱৰ্তনৰ প্ৰতিবাদত ৰাজ্য়ৰ কেইবাটাও দল-সংগঠনে সাব্য়স্ত কৰিছে প্ৰতিবাদ ৷ কৰিমগঞ্জতো শুকুৰবাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলে ৷
উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে বদৰপুৰৰ বিধায়ক জামাল উদ্দিন আহমেদে ৷ বিধায়ক গৰাকীৰ নেতৃত্বত একাংশ কংগ্ৰেছ কৰ্মীয়ে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদী দলটোৱে চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি অচিৰে সামগ্ৰীসমূহৰ মূল্য হ্ৰাস কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে চক্ৰ বিষয়া গৰাকীক এক স্মাৰকপত্ৰ প্ৰদান কৰে ৷