কৰিমগঞ্জ,19 মাৰ্চঃ কৰিমগঞ্জত ৰে'ল বিভাগৰ দায়িত্বজ্ঞানহীন কাণ্ড । কায়স্থগ্ৰাম ৰে'ল গেটত শিলচৰ আগৰতলা পেচেঞ্জাৰ ট্ৰেইন আৰু এখন ডি আই ট্ৰাকৰ মাজত সংঘৰ্ষ ।কথমপি প্ৰাণ ৰক্ষা চালক সহ দুজন যাত্ৰীৰ । ঘটনাত গুৰুতৰভাৱে আহত হয় ডি আই ট্ৰাকৰ দুজন যাত্ৰী। ট্ৰেইনৰ খুন্দাত বিধ্বস্ত হোৱা ডি আই ট্ৰাকৰ নম্বৰ হৈছে AS-10C-3020 ৷ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে,ট্ৰেইন অহাৰ সময়ত গেটমেনে বন্ধ কৰা নাছিল ক্ৰছিং'ৰ গেট। সেইসময়ত গেট মেন হিচাপে দায়িত্বত আছিল উমেশ বনিক । ঘটনাৰ পিছত উত্তেজিত ৰাইজে অৱৰোধ কৰিলে অসম ত্ৰিপুৰা সংযোগী আঠ নং ৰাষ্ট্ৰীয় ঘাইপথ। অৱশেষত ঘটনাস্থলীত নিলামবজাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে । আৰক্ষীৰ উপস্থিতত ট্ৰেইন সহ অৱৰোধ মুক্ত হয় ৰাষ্ট্ৰীয় ঘাইপথ ।
লগতে পঢ়কঃ কাছাৰত বাৰ লাখ টকা মূল্যৰ অবৈধ গাঞ্জা জব্দ