ETV Bharat / state

বাল্য বিবাহৰ ঘটনাত নাম সাঙোৰ খাইছে আৰক্ষীৰ

কৰিমগঞ্জত সংঘটিত বাল্য বিবাহৰ এক ঘটনাত নাম সাঙোৰ খাইছে এগৰাকী আৰক্ষীৰ ৷ জিলা আৰক্ষী অধীক্ষকে এই খবৰ লাভ কৰি ঘটনাৰ উচিত তদন্তৰ আশ্বাস দিয়ে ৷

Child marriage held on karimganj assam etv bharat news
বাল্য বিবাহৰ ঘটনাত নাম সাঙোৰ আৰক্ষীৰ
author img

By

Published : Jul 7, 2020, 3:39 PM IST

কৰিমগঞ্জ,7 জুলাই: ভাৰতীয় সংবিধানৰ আধাৰত দেশত বাল্য বিবাহ হৈছে আইন বিৰোধী ৷ কিন্তু সংবিধান উলংঘা কৰি ৰাজ্যখনৰ কৰিমগঞ্জত সংঘটিত হৈছে বাল্য বিবাহৰ এক ঘটনা ৷ উক্ত ঘটনাত নাম সাঙোৰ খাইছে এগৰাকী আৰক্ষী বিষয়াৰ ৷ জিলাখনৰ জৰাৰবজাৰ এলেকাত জনসাধাৰণৰ অজ্ঞাতে সংঘটিত হৈছে এক বাল্য বিবাহ ৷ কিন্তু উক্ত বিবাহৰ পঞ্জীয়ন পত্ৰত হস্তাক্ষৰ প্ৰদান কৰে কৰিমগঞ্জ থানাৰ এগৰাকী আৰক্ষী বিষয়াই ৷ পৰৱৰ্তী সময়ত এই খবৰ বনজুইৰ দৰে বিয়পি পৰাত জিলা আৰক্ষী অধীক্ষকে এই খবৰ লাভ কৰি ঘটনাৰ উচিত তদন্তৰ আশ্বাস দিয়ে ৷

বাল্য বিবাহৰ ঘটনাত নাম সাঙোৰ আৰক্ষীৰ

ঘটনাৰ বিৱৰণী অনুসৰি,বিগত 18 জুনত এজন নাবালিকে অঞ্চলটোৰ এগৰাকী নাবালিকাৰ সৈতে বিবাহ কাৰ্য সমাপন কৰে ৷ কিন্তু গোপনে হোৱা এই বাল্য বিবাহৰ খবৰ লাভ কৰি কৰিমগঞ্জ সদৰ থানাত গোচৰ ৰুজু কৰে নাবালিকা গৰাকীৰ সম্পৰ্কীয় ভাতৃ জয়নুল মিঞাই । ইতিমধ্যে আৰক্ষী বিষয়া গৰাকীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰি উক্ত বিবাহৰ পঞ্জীয়ন পত্ৰত চৰকাৰী ছীল মোহৰ লগোৱাৰো অভিযোগ উত্থাপিত কৰিছে নাবালিকাগৰাকীৰ ভাতৃয়ে ৷ সম্প্ৰতি নাবালিকাগৰাকীৰ ভাতৃয়ে দিয়া এজাহাৰৰ ভিত্তিত থানা কৰ্তৃপক্ষই এক মীমাংসা পত্ৰ তৈয়াৰ কৰি নাবালিকাগৰাকী প্ৰাপ্তবয়স্ক নোহোৱালৈ মাতৃগৃহত থকাৰ নিৰ্দেশ প্ৰদান কৰিছে বুলি জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে ব্যক্ত কৰে ৷

লগতে চাওকঃ টীয়কত পানী যোগান আঁচনিৰ ধন মোকলাই নিয়াৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.