ETV Bharat / state

কৰিমগঞ্জত ‘সাহিত্য মনিষী উপবন’ নামেৰে উদ্ভিদ উদ্যান মুকলি

কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ী সমষ্টিৰ চৰগোলাত শনিবাৰে ‘সাহিত্য মনিষী উপবন’ নামেৰে এখন আটক ধুনীয়া উদ্ভিদ উদ্যান মুকলি কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ এই উদ্যানখনৰ পৰা স্থানীয় ৰাইজে আনন্দ উপভোগ কৰাৰ লগতে জীৱবিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলেও উপকৃত হ’ব ৷

author img

By

Published : Nov 22, 2020, 12:09 PM IST

botanical park opened in karimganj
কৰিমগঞ্জত উদ্ভিদ উদ্যান মুকলি

কৰিমগঞ্জ,22 নৱেম্বৰ : বহু জৈৱ আৰু ঔষধি গুণ সম্পন্ন গছৰ সমাহাৰক লৈ কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ী সমষ্টিৰ চৰগোলাত শনিবাৰে এখন আটক ধুনীয়া উদ্ভিদ উদ্যান অৰ্থাৎ বটানিকেল পাৰ্ক মুকলি কৰে ৰাজ্য়ৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত তিনি হেক্টৰ ভূমিত কেন্দ্ৰীয় চৰকাৰৰ CAMPA আঁচনিৰ অধীনত এই উদ্যানখন নিৰ্মাণ কৰা হৈছে ৷

উদ্য়ানখনত এহেজাৰ বিধ ঔষধি আৰু জৈৱ-বৈচিত্ৰৰ গছ-গছনি ৰোপন কৰা হৈছে ৷ চন্দন, ৰুদ্ৰাক্ষৰৰ পৰা আৰম্ভ কৰি নিম, গিলৈ, কাজুবাদাম, দালচিনি, আম, জামসহ সকলো উদ্ভিদ ৰোপন কৰা হৈছে উদ্ভিদখনত ৷ ‘সাহিত্য মনিষী উপবন’ নামেৰে নামাকৰণ কৰা এই উদ্যানখনৰ পৰা স্থানীয় ৰাইজে আনন্দ উপভোগ কৰাৰ লগতে জীৱবিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে উপকৃত হ’ব ৷

উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সৈতে উপস্থিত থাকে কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লা, ৰাতাবাড়ীৰ বিধায়ক বিজয় মালাকাৰসহ বন বিভাগৰ উচ্চপদস্থ বিষয়াসকল ৷

কৰিমগঞ্জত উদ্ভিদ উদ্যান মুকলি

ভাষণ প্ৰসংগত মন্ত্ৰী পৰিমল শুক্লবৈদ্য়ই কয় যে,‘‘ভাৰতৰ 135 কোটি লোকে কেনেদৰে অক্সিজেন গ্ৰহন কৰি আছে এয়া ভালদৰে উপলব্ধি কৰিব লাগে ৷ গছ ৰোপন কৰি কি হব বা কাটি পেলালে অথবা মৰি গলেও কি হ’ব বুলি বহু লোকে ভাবিব পাৰে ৷ গছ মৰিলে আমিও মৰিম ৷

এই ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এটি বাণী গাই কয় যে ‘‘একো বৃক্ষ দশো পুত্ৰসম ৷ দহ গৰাকী পুত্ৰই আপোনাক যি সহায় কৰিব, সেই সহায় আপোনাক এজোপা গছেই কৰি আছে’’ ৷ আচাৰ্য জগদীশ চন্দ্ৰ বসুৰ কথা উল্লেখ কৰি গছৰো প্ৰাণ আছে, গছ অচেতন নহয় বুলি তেওঁ মন্তব্য় কৰে ৷

লগতে পঢ়ক : কি হ'ব ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ পৰৱৰ্তী সিদ্ধান্ত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.