কৰিমগঞ্জ,7 এপ্ৰিল : কৰিমগঞ্জৰ কায়স্থগ্ৰাম ৰে'ল ষ্টেচনৰ কাষত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ ৷ ৰে'ল লাইনৰ ওপৰত উদ্ধাৰ হোৱা যুৱকজনৰ পৰিচয় পত্ৰ অনুসৰি মোহাম্মদ সাবিক আহমেদ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ বিহাৰৰ হাজিপুৰ ভৈশালীৰ যুৱকজন নিয়োজিত হৈ আছিল ৰে'ল গেটৰ কামত ৷ কিন্তু কেনেকৈ যুৱকজন ৰে'লত কটা গ'ল সেয়া জানিব পৰা নাই যদিও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
ইফালে স্থানীয় লোকৰ মতে, যুৱকজনৰ সৈতে আন দুজন যুৱকে নিশা মদ্যপান কৰি কাজিয়াত লিপ্ত হৈছিল ৷ তাৰ পাচতে ৰাতিপুৱা স্থানীয় লোকে যুৱকজনক মৃত অৱস্থাত উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে সোধ-পোছৰ বাবে এজন যুৱকক আটক কৰে যদিও আনজন যুৱকে পলায়ন কৰে ৷
লগতে পঢ়ক: বিজেপিৰ বিৰুদ্ধে সুজাতা মণ্ডল খানৰ বিস্ফোৰক অভিযোগ