কৰিমগঞ্জ,18 ডিচেম্বৰঃ সমাগত বিধান সভাৰ নিৰ্বাচনত বিজেপিয়ে মিছন ১০০+ক সফল কৰাৰ উদ্দেশ্যে শুকুৰবাৰে কৰিমগঞ্জৰ উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ৷
উল্লেখযোগ্য যে,আগন্তুক 23 আৰু 24 ডিচেম্বৰত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব কৰিমগঞ্জত । সভাখনৰ প্রস্তুতিৰ পর্যবেক্ষণ কৰিবলৈ বৃহস্পতিবাৰে দলয় কর্মী সকলক লগতলৈ কৰিমগঞ্জ কাৰ্যনিৰ্বাহক সভাস্থলী পৰিদৰ্শন কৰে সভাপতি গৰাকীয়ে।
ইপিনে ৰঞ্জিত দাসে সদৰি কৰে যে,সভাখনত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱালসহ ৰাজ্যিক বিজেপিৰ ৰ্শীষ নেতৃত্ব ৷ একেদৰে কৰিমগঞ্জৰ চহৰত থকা ২৮ টা ৱাৰ্ডৰ কৰ্মীৰ ঘৰত বিজেপিৰ কাৰ্যকর্তা সকল থকাৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰিছে সভাপতি গৰাকীয়ে ৷ সম্প্ৰতি ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে সভাখনকলৈ বৰাক উপত্যকাৰ তিনিওখন জিলাতে ব্যাপক প্ৰচাৰ অভিযান চলাব বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ ৰঙিয়াত পকী দলং নিৰ্মাণত অনিয়ম, তিনি বছৰে সম্পূৰ্ণ নহ'ল পকী দলং