ETV Bharat / state

কৰিমগঞ্জত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ ব্যাপক আয়োজন

author img

By

Published : Dec 20, 2020, 3:22 PM IST

অহা 23 আৰু 24 ডিচেম্বৰত পোনপ্ৰথম বাৰৰ বাবে সীমান্ত চহৰ কৰিমগঞ্জত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ বাবে জিলাখনত ইতিমধ্যে তুংগত উঠিছে প্ৰস্তুতি ৷

ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ আয়োজন

কৰিমগঞ্জ, 20 ডিচেম্বৰ : অহা 23 আৰু 24 ডিচেম্বৰত পোনপ্ৰথম বাৰৰ বাবে সীমান্ত চহৰ কৰিমগঞ্জত অনুষ্ঠিত হ'ব ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা ৷ সেই উপলক্ষে বৰাক উপত্যকাত ইতিমধ্যে আহি বাহৰ পাতিছে দলটোৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে ৷ আনহাতে হাই ভ'ল্টেজ সভাখনক কেন্দ্ৰ কৰি যথেষ্ট ব্যস্ততা বাঢ়িছে কৰিমগঞ্জ জিলা বিজেপি দলৰ মাজত ৷

কৰিমগঞ্জত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ আয়োজন

চহৰৰখনৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত চলিছে মঞ্চ নিৰ্মাণৰ কাম ৷ 23 তাৰিখে পতাকা উত্তোলনৰ জৰিয়তে সভাৰ শুভাৰম্ভণি কৰা হ'ব ৷ সভাৰ প্ৰথমট দিনা উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু দ্বিতীয় দিনা উপস্থিত থাকিব মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ গেৰুৱা দলে 23 আৰু 24 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া সভাখনৰ পৰাই কৰিমগঞ্জৰ পৰা 21 ৰ নিৰ্বাচনৰ ৰণশিঙা বজাব বুলি উল্লেখ কৰিছে দলটোৰ কৰ্মকৰ্তা সকলে ৷ লগতে মিছন 100 প্লাছৰ শ্ল'গানেৰে বিজেপি কৰ্মী সকল নামি পৰিব বুলিও মন্তব্য কৰে কৰিমগঞ্জ জিলা বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্যই ৷

লগতে পঢ়ক: ইমণ সোণোৱালক ডিব্ৰুগড় উন্নয়ন প্ৰাধীকৰণৰ অধ্যক্ষৰ সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.