ETV Bharat / state

জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীৰে ওলাই আহিল বিজেপি নেতৃত্ব - বিজেপি চৰকাৰ

খোদ বিজেপি নেতা কৰ্মচাৰীয়ে সকিয়নী প্ৰদান কৰিলে শাসনাধীন চৰকাৰক ৷ অসম-ত্ৰিপুৰা-মিজোৰাম সংযোগী জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীৰে চক্ৰ বিষয়াক প্ৰদান কৰিলে স্মাৰক ৷

বিজেপি নেতৃত্ব
বিজেপি নেতৃত্ব
author img

By

Published : Aug 22, 2020, 1:49 PM IST

কৰিমগঞ্জ, 22 আগষ্ট: এইবাৰ শাসনাধীন চৰকাৰকে সকিয়নী প্ৰদান কৰিলে খোদ বিজেপি নেতা কৰ্মচাৰীয়ে ৷ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দাবীৰে কৰিমগঞ্জৰ বিজেপি নেতাসকলে চক্ৰ বিষয়াক প্ৰদান কৰিলে স্মাৰক-পত্ৰ ৷ কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ থকা স্বত্বেও অসম-ত্ৰিপুৰা-মিজোৰাম সংযোগী জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে ৰাইজে দীৰ্ঘদিনে যমৰ যাতনা ভুগি আহিছে বুলি অভিযোগ উত্থাপন হৈছে ৷ একমাত্ৰ ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণৰ দাবীৰে বহুদিনৰ পৰাই বহু দল-সংগঠনৰ লোকৰ লগতে, সাংবাদিক সংস্থায়ো প্ৰতিবাদ কৰি আহিছে যদিও, এই পৰ্যন্ত পথটো মেৰামতিৰ নামত চৰকাৰে কোনো বিহীত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ যাৰ বাবে শুকুৰবাৰে সেই পথ নিৰ্মাণৰ দাবীৰে ওলাই আহিল বিজেপিৰ স্থানীয় নেতৃত্ব ৷

জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীৰে ওলাই আহিল বিজেপি নেতৃত্ব

লগতে পঢ়ক: 'স্বচ্ছ সৰ্বেক্ষণ-২০২০’ সন্দৰ্ভত পীযুষ হাজৰিকাৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.