কৰিমগঞ্জ, 20 এপ্ৰিল :তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে-লগেই চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাতো ব্যস্ততা বাঢ়িছে বিভিন্ন দল-সংগঠনৰ ৷ নিৰ্বাচনী প্ৰচাৰত উঠি-পৰি লাগিছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ ৷
শনিবাৰে বিয়লি ত্ৰিপুৰাৰ অমৰপুৰত এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ৷ অমৰপুৰৰ পৰা চণ্ডীবাৰী পৰ্যন্ত পদযাত্ৰাৰে উলিওৱা হয় এই ৰেলী ৷ পূব ত্ৰিপুৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰেৱতী মোহন ত্ৰিপুৰাক বিপুল ভোটত জয়ী কৰোৱাৰ বাবে ৰেলী যোগে জনসাধাৰণলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ৷