কৰিমগঞ্জ,22 নৱেম্বৰ : সদ্যঘোষিত অসম বিশ্ববিদ্যালয়ৰ স্নাতক চূড়ান্ত পৰীক্ষাত বাংলা বিভাগে বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম স্থান অৰ্জন কৰাৰ লগতে স্বর্ণপদক লাভ কৰে বিভাগটোৰ পূর্বা শীলৰ নামৰ ছাত্ৰী গৰাকীয়ে ।
পাথাৰকান্দি সমষ্টিৰ সহৰ ৰে’ল ষ্টেচনৰ সমীপৰ বাসিন্দা প্রবীৰ শীলৰ কন্যা পূর্বা শীলে 670 নম্বৰেৰে প্ৰথম স্থান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে । আৰ্থিক অনাটনৰ মাজেৰে অধ্যয়ন কৰি নিজ কন্যাই অর্জন কৰা সফলতাত আনন্দৰ চকুলো টুকিছে পিতৃ-মাতৃয়ে ।
লগতে পঢ়ক : তৰুণ গগৈৰ আৰোগ্য কামনাৰে মাডাৰ বৃদ্ধাৱাসৰ প্ৰাৰ্থনা