কৰিমগঞ্জ , 02 মে' : উদ্বোধন নোহোৱাকৈ 2 বছৰ ধৰি পাঠদান চলি আছে বৰাকৰ এখন একমাত্ৰ ইঞ্জিনিয়াৰিং কলেজত ৷ পিচে এয়াই নহয় দুবছৰ ধৰি কলেজখনৰ ছাত্ৰছাত্ৰীয়ে নৰক-যন্ত্ৰণা ভূগি অহাৰো অভিযোগ ৷
কৰিমগঞ্জ জিলাৰ বদৰপুৰ বিধানসভা সমষ্টিৰ নিৰালাস্থিত বৰাক ইঞ্জিনিয়াৰিং কলেজৰ দুৰাৱস্থাই সমস্যাত পেলাইছে কলেজখনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলক ৷ ছাত্ৰ-ছাত্ৰীৰ অভিযোগ অনুসৰি বৰ্তমান কলেজখনত পৰীক্ষা চলি আছে আৰু এই সময়তো কলেজখনত বিদ্যুতৰ ব্যৱস্থা নাই ৷ ইপিনে বিদ্যুৎ নথকাৰ ফলত খোৱাপানীৰ অভাৱ দেখা দিছে বুলিও জনাই ছাত্ৰছাত্ৰী সকলে ৷ তদুপৰি জেনেৰেটৰ থাকিলেও তেল নথকাৰ অভিযোগ ছাত্ৰছাত্ৰী সকলৰ ৷ উল্লেখ্য যে 12 মাহ ধৰি দৰমহা বন্ধ থকাৰ ফলত কলেজখনত কৰ্মৰত এজন কৰ্মীৰ ইতিমধ্যে হ্ৰদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে ৷ ইঞ্জিনিয়াৰিং কলেজখনৰ এনে বহু সমস্যাই এতিয়া অস্বস্তিত পেলাইছে কলেজখনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলক ৷