ETV Bharat / state

Lovestory: স্বামী-পুত্ৰ এৰি এখন দেশৰ পৰা আন এখন দেশৰ প্ৰেমিকৰ ওচৰলৈ - চুৰাইবাৰী

ভাৰতীয় কবিৰাজৰ প্ৰেমত পৰি অবৈধভাৱে সীমান্ত পাৰ হৈ অহা এগৰাকী বাংলাদেশী মহিলা এতিয়া ৰঙাঘৰৰ আলহী ! সবিশেষ বাতৰি আগলৈ-

Bangladeshi woman comes to India illegally
প্ৰেমিকা এতিয়া ৰঙা ঘৰৰ আলহী
author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 10:43 PM IST

প্ৰেমিকা এতিয়া ৰঙা ঘৰৰ আলহী

কৰিমগঞ্জ, 26 অক্টোবৰ : হত্যা-হিংসা, ধৰ্ষণ, মাৰপিট, চুৰি-ডকাইতিৰ মাজতো মানুহৰ মাজত জীয়াই আছে প্ৰেমৰ অনুভূতি ৷ উন্নয়ন, টেকন’লজিৰ নামত অকলশৰীয়া হৈ পৰা মানুহে আজিকালি বিচাৰে সংগ আৰু প্ৰেম ৷ কিন্তু এই প্ৰেমো একমাত্ৰ নিজৰ স্বাৰ্থৰ বাবেহে কৰে মানুহে আজিকালি ৷ প্ৰেমৰ নামত গুৰু-গোসাঁই নমনা হৈছে কলিযুগৰ প্ৰেমিক-প্ৰেমিকাই ৷ জাত-পাত-ধৰ্মৰ উৰ্ধত প্ৰেম সমাজৰ বাবে সদায়ে আদৰণীয় ৷ কিন্তু প্ৰেম বুলিয়েই সমস্ত পৰিয়াল ভাঙি থৈ যোৱা কাণ্ড কেতিয়াও গ্ৰহণযোগ্য নহয় ৷

অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ উক্ত ঘটনাই আচৰিত কৰি তুলিছে সকলোকে । জানিব পৰা মতে, চুৰাইবাৰী আৰক্ষীয়ে এগৰাকী বাংলাদেশী মহিলাক আটক কৰিছে ৷ মহিলাগৰাকীয়ে পৰিয়াল এৰি আহি প্ৰেমিকৰ ঘৰত আছিলহি বিগত পোন্ধৰ দিনৰ পৰা ৷ গোপন খবৰৰ ভিত্তিত অবৈধভাৱে সীমা পাৰ হৈ আহি চুৰাইবাৰীত থকাৰ খবৰ পোৱাৰ পিচতে আৰক্ষীয়ে জিম্মাত লৈ যায় মহিলাগৰাকী ।

প্ৰাপ্ত খবৰ অনুসৰি, বুধবাৰে সন্ধিয়া প্ৰায় ১০ বজাত চুৰাইবাৰী আৰক্ষী থানাৰ অ’ চি সমৰেশ দাসে পূব ফুলবাৰী গাঁৱৰ নিবাসী সুৰজ আলীৰ পুত্ৰৰ পৰা কিছু তথ্য লাভ কৰে যে নুৰ জামাল ওৰফে ছাদ্দাম নামৰ এজন ব্যক্তিৰ ঘৰত এগৰাকী বাংলাদেশী মহিলা পাছপ’ৰ্টবিহীনভাৱে আহি বাস কৰি আছেহি । লগে লগে থানাৰ আৰক্ষী বাহিনীয়ে মহিলাগৰাকীক নুৰ জামালৰ ঘৰৰ পৰা আটক কৰি থানালৈ লৈ আহে । অৱশ্যে আৰক্ষীৰ উপস্থিতি লক্ষ্য কৰি কবিৰাজ নুৰ জামালে আত্মগোপন কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীৰ সূত্ৰ অনুসৰি, ধৃত বাংলাদেশী মহিলাগৰাকীৰ নাম ফাতেমা নুছৰত (২৩) । ঘৰ বাংলাদেশৰ মৌলবী বাজাৰৰ শিলুৱা গাঁৱত । আৰক্ষীৰ প্ৰাৰম্ভিক জেৰা অনুসৰি ধৃত মহিলাগৰাকীয়ে জানিবলৈ দিছে যে ভাৰতীয় কবিৰাজজন নিয়মীয়াকৈ বাংলাদেশলৈ গৈছিল আৰু এইদৰেই তেওঁলোকৰ চিনাকি হৈ পিচলৈ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল । মহিলাগৰাকীৰ এটি তিনি বছৰীয়া সন্তানৰ লগতে স্বামী আৰু শাহুৱেক বাংলাদেশত থাকে । অবৈধভাৱে ভাৰতলৈ আহি বিগত পোন্ধৰ দিন ধৰি কবিৰাজ নুৰ জামালৰ লগত গোপনে পূব ফুলবাৰী অঞ্চলত থাকিবলৈ আৰম্ভ কৰে । জানিব পৰা মতে, ধৃত বিদেশী মহিলাগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে অবৈধ প্ৰৱেশৰ গোচৰ ৰুজু কৰি ধৰ্মনগৰ জিলা আৰু অধিবেশন আদালতত চমজাই দিব ।

লগতে পঢ়ক : Durga Idol Immersion: বিজয়া দশমীৰ দিনটোত অসম-বাংলাদেশ সীমান্তত সম্প্ৰীতিৰ বিৰল দৃশ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.