কৰিমগন্জ,৭জুনঃ কৰিমগঞ্জত ৰুৱেল মিয়া নহয় গণ প্ৰহাৰত মৃত্যু হোৱা লোকজন হৈছে ৰঞ্জিত ৰিকমন। কোভিড পৰীক্ষা নকৰাৰ বাবে বাংলাদেশে লোৱা নাছিল ৰঞ্জিত ৰিকমনৰ মৃতদেহ । আৰক্ষীয়ে যেতিয়া বাংলাদেশ আৰক্ষীৰ হাতত মৃতদেহ চমজাই দিবলৈ গৈছিল তেতিয়াই অসম আৰক্ষী অৱগত হৈছে যে, লোকজন ৰুৱেল মিয়া নহয় লোকজন হৈছে ৰঞ্জিত ৰিকমন। অবশেষত দেওবাৰে কোভিড পৰীক্ষাৰ অন্তত কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তত মৃতদেহ চমজাই দিয়া হয় বাংলাদেশৰ আৰক্ষীৰ হাতত ।

উল্লেখ্য যে, কৰিমগঞ্জৰ পাথাৰকান্দি বিধানসভা এলেকাৰ পুতনী চাহ বাগিচাৰ পৰা ভাৰতৰ দুটা আৰু বাংলাদেশৰ দুটা গৰু চোৰে কেইবাটাও গৰু চোৰ কৰিছিল । স্থানীয় লোকে এই সকলক কৰায়ত্ব কৰি ব্যাপক প্ৰহাৰ কৰে। ফলতে ঘটনাস্থলীতে মৃত্যু হৈছিল ৰঞ্জিত ৰিকমন নামৰ বাংলাদেশৰ পৰা অহা এটা গৰু চোৰৰ । মৃতদেহটো ৰুবেল মিয়াৰ বুলি কোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত মৃতলোক জন বাংলাদেশৰ মৌলভীবজাৰ এলেকাৰ ৰঞ্জিত ৰিকমন বুলি চিকাক্ত কৰা হয় । দেওবাৰে আনুষ্ঠানিক ভাবে বাংলাদেশ আৰক্ষী আৰু বৰ্ডাৰ গাৰ্ড ওবং বাংলাদেশ প্ৰশাসনৰ হাতত গতাই দিয়া হয় মৃতদেহ ।
লগতে পঢকঃ পুৱা 11 বজাৰ 10 শীৰ্ষ বাতৰি