কৰিমগঞ্জ,31 ডিচেম্বৰ : কৰিমগঞ্জ জিলাত ভাৰত-বাংলাদেশ সীমান্তত সংঘটিত হৈছে এক অপহৰণ কাণ্ড । বাংলাদেশী গৰু সৰবৰাহকাৰীৰ এটা দলে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি অপহৰণ কৰে এজন যুৱকক ৷ এই ঘটনা সংঘটিত হৈছে নিলামবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্ত সংলগ্ন দলগাঁৱত ।
ঘটনা অনুসৰি,দলগাঁৱৰ এলিম উদ্দিন নামৰ এজন যুৱকে একেই গাঁৱৰে দিলুয়াৰ হুছেইনক 27 ডিচেম্বৰত ৰহস্যজনকভাৱে ভাৰত-বাংলাদেশ সীমান্তলৈ লৈ যায় । ইয়াৰ পাচতে বাংলাদেশী গৰু সৰবৰাহকাৰী দুৰ্বৃত্তৰ দলে অবৈধভাৱে ভাৰতত প্ৰৱেশ আৰু উপৰ্যুপৰি আক্ৰমণ চলাই বলপূৰ্বকভাৱে এলিমক অপহৰণ কৰি লৈ যায় ৷
বাংলাদেশৰ দুৰ্বৃত্তৰ কৱলত থকা এলিম উদ্দিনে হোৱাটছ এপৰ জৰিয়তে ভাৰতত থকা দিলুয়াৰ হুছেইনৰ ভাতৃক ফোন কৰি অপহৰণৰ কথা জানিবলৈ দিয়ে আৰু 3 লাখ টকা মুক্তিপণৰ বাবে দাবী কৰে ৷
এই ঘটনাৰ পাচতে দিলুয়াৰ হুছেইনৰ পৰিয়ালে নিলামবজাৰ আৰক্ষী থানাত সকলো তথ্য দাঙি ধৰে। আনহাতে বাংলাদেশৰ দুৰ্বৃত্তৰ কৱলত থকা এলিম উদ্দিনে ৰহস্যজনকভাৱে ভাৰতত উপস্থিত হোৱাৰ পাচতে আৰক্ষীৰ সন্দেহ হয় আৰু লগে লগে এলিম উদ্দিনক আটক কৰি তদন্ত আৰম্ভ কৰে ।
আৰক্ষীয়ে জনোৱা মতে,এলিম উদ্দিনক জেৰা কৰি ইতিমধ্যে বহু তথ্য লাভ কৰিছে ৷ এলিম উদ্দিনেই হৈছে এই অপহৰণৰ কাণ্ডৰ মূল অভিযুক্ত ৷ কিন্তু তদন্তৰ স্বাৰ্থত সকলো কথা উল্লেখ নকৰিলেও সূত্ৰ অনুসৰি দিলুয়াৰ হুছেইন বৰ্তমান বাংলাদেশৰ মৌলবী বজাৰ জিলাৰ বৰলেখা থানাৰ অন্তৰ্গত বোবা গাঁৱত দুৰ্বৃত্তৰ কৱলত আছে ।
লগতে পঢ়ক : বাঘবৰ সমষ্টিৰ এটা কালভাৰ্টে জলাকলা খুৱাইছে সাধাৰণ ৰাইজক