ETV Bharat / state

দীৰ্ঘদিন ডিটেনছন কেম্পত থকাৰ পিছত স্বদেশলৈ প্ৰত্যাৱৰ্তন এটি পৰিয়ালৰ - Bangladeshi immigrant family Bangladesh return

2018 চনতে শ্বাহ আলম নামৰ লোকজনে নিজৰ পাঁচজনীয়া পৰিয়ালটোৰ সৈতে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল ৷ ইয়াৰ পৰা বেংগালুৰুলৈ গৈছিল পৰিয়ালটো ৷ কিন্তু বাংগালুৰুৰ পৰা গুৱাহাটী উভটাৰ সময়তেই গুৱাহাটীত ৰে’লৱে আৰক্ষীয়ে আটক কৰে পৰিয়ালটোক ৷

bangladeshi-immigrant-family-has-been-send-back-to-bangladesh-on-sunday
দীৰ্ঘদিন ডিটেনছন কেম্পত থকাৰ পিছত স্বদেশলৈ প্ৰত্যাৱৰ্তন এটি পৰিয়ালৰ
author img

By

Published : Nov 15, 2020, 5:29 PM IST

কৰিমগঞ্জ, 15 নৱেম্বৰঃ দীৰ্ঘদিন ডিটেনছন কেম্পত বন্দী হৈ থকাৰ পিছত দেওবাৰে স্বদেশলৈ প্ৰত্যাৱৰ্তন এটি বাংলাদেশী পৰিয়ালৰ ৷ উল্লেখ্য যে, 2018 চনতে শ্বাহ আলম নামৰ লোকজনে নিজৰ পাঁচজনীয়া পৰিয়ালটোৰ সৈতে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল ৷ পশ্চিম বংগৰ আন্তৰ্জাতিক সীমান্তৰে অবৈধ ভাৱে ভাৰতত প্ৰৱেশ কৰি কিছুদিন গুৱাহাটীতে আশ্ৰয় লৈ পৰৱৰ্তী সময়ত বেংগালুৰুলৈ গৈছিল পৰিয়ালটো ৷ কিন্তু বাংগালুৰুৰ পৰা গুৱাহাটী উভটাৰ সময়তেই গুৱাহাটীত ৰে’লৱে আৰক্ষীয়ে আটক কৰে শ্বাহ আলমৰ লগতে তেখেতৰ পৰিয়ালৰ আটাইকেইগৰাকী সদস্যক ৷

দীৰ্ঘদিন ডিটেনছন কেম্পত থকাৰ পিছত স্বদেশলৈ প্ৰত্যাৱৰ্তন এটি বাংলাদেশী পৰিয়ালৰ

আনহাতে, ডিটেনচন কেম্পত বন্দী হৈ থকা অৱস্থাতে শ্বাহ আলমৰ পত্নীয়ে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত এটি পুত্ৰ সন্তান জন্ম দিয়ে ৷ দেওবাৰে পৰিয়ালটো শাস্তিৰ ম্যাদ উকলাত তেঁওলোকক সুতাৰকান্দি সীমান্তৰে বাংলাদেশলৈ প্ৰেৰণ কৰা হয় ৷ সুতাৰকান্দিত উপস্থিত হোৱাৰ পিছতে বাংলাদেশ সীমান্ত বাহিনীক হস্তান্তৰ কৰা হয় পৰিয়ালটোক ৷

লগতে পঢ়ক-নগা ভূমিৰ অখণ্ডতাকলৈ আকৌ তৎপৰ এন এছ চি এন, উত্তপ্ত হোৱাৰ আশংকা মনিপুৰ !

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.