ৱদৰপুৰ,10 জুনঃ দীৰ্ঘ দিনৰ পৰা ৱদৰপুৰ চহৰত অবৈধভাৱে সুৰা বিক্ৰীৰ অভিযোগ উত্থাপিত হৈ আহিছে । ৰে’ল গেট আৰু ৱদৰপুৰ ঘাটৰ কাষত থকা সৰু সৰু হোটেলৰ পৰা পাণ দোকানত অবৈধভাৱে সুৰা বিক্ৰীৰ ৰমৰমীয়া ব্যৱসায় চলি আহিছে । সোমবাৰে ৱদৰপুৰ আৰক্ষী চকীৰ টাউন দাৰোগা প্ৰেমানন্দ শইকীয়াই অভিযান চলায় এশ বটল বিদেশী সুৰা জব্দ কৰে । কিন্তু এই সুৰাৰ সৈতে কোনো লোকক গ্ৰেপ্তাৰ কৰিব পৰা নাই । আৰক্ষীৰ তৰফৰ পৰা এই অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান অধিক তীব্ৰতৰ কৰা হ’ব বুলি উল্লেখ কৰে ৷
বদৰপুৰত অবৈধ বিদেশী সুৰা জব্দ
ৰে’ল গেট আৰু ৱদৰপুৰ ঘাটৰ কাষত থকা সৰু সৰু হোটেলৰ পৰা পাণ দোকানত অবৈধভাৱে সুৰা বিক্ৰীৰ ৰমৰমীয়া ব্যৱসায় চলি আহিছে