কৰিমগঞ্জ, 29 জুলাইঃ কৰিমগঞ্জত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ কৰিমগঞ্জৰ বাটইয়া বজাৰৰ কাপোৰৰ দোকানত এগৰাকী কিশোৰীয়ে এখন ছুৰীৰে আত্মহত্যাৰ চেষ্টা কৰে ৷
ঘটনাৰ বিৱৰণ অনুসৰি,আজি দুপৰীয়া নিলামবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত হিজিম গাঁৱৰ ছাজিদা আখতাৰ নামৰ দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে বাটইয়া বজাৰৰ আনিছা টেক্সটাইল নামৰ কাপোৰৰ দোকানত কাপোৰ ক্ৰয় কৰিবলৈ সোমায়৷ কাপোৰ পচন্দ কৰি দোকানৰ আছুতীয়া কক্ষত কাপোৰ সলনি কৰিবলৈ যায় ছাত্ৰীগৰাকী ৷ কিন্তু দীৰ্ঘ সময় ধৰি ছাত্ৰীগৰাকী বাহিৰলৈ ওলাই নহাত দোকানৰ গৰাকীয়ে মাত দিবলৈ গৈ আছুতীয়া কক্ষত ৰক্তাক্ত অৱস্থাত ছুৰীসহ প্ৰত্যক্ষ কৰে ছাত্ৰীগৰাকীক ৷
ইয়াৰ পিছতে হুৱা-দুৱা লাগে কাপোৰৰ দোকানখনত ৷ দোকানৰ গৰাকীৰ চিৎকাৰ শুনি ভিৰ কৰেহি স্থানীয় ৰাইজে ৷ সংকটজনক অৱস্থাত ছাত্ৰীগৰাকীক প্ৰথমে নিলামবজাৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
ইপিনে এগৰাকী স্থানীয় লোকে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি ঘটনাৰ পিছতে ছাত্ৰীগৰাকীয়ে কাগজত এটা ফোন নম্বৰ লিখি দিছিল ৷ তাৰে ভিত্তিত ছাত্ৰীগৰাকীৰ পৰিয়ালক সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰোৱা হয় ৷ ইফালে কিশোৰীগৰাকীয়ে নিজেই ছুৰীখন লৈ অহাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷
আনহাতে ছাত্ৰীগৰাকীয়ে কি কাৰণে কাপোৰৰ দোকানত আত্মহত্যা কৰিবলৈ চেষ্টা চলাইছিল সেইয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ৷