কৰিমগঞ্জ, 7 জানুৱাৰীঃ আন্তঃৰাজ্যিক স্তৰত জিলিকিবলৈ সক্ষম হৈছে অসমৰ খেলুৱৈ । দিল্লীত চলি থকা ৬৫ সংখ্যক নেশ্বনেল স্কুল গেমছত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক জিকিবলৈ সক্ষম হৈছে অসমৰ থাং টা মাৰ্শ্বিয়েল আৰ্টৰ দলে ৷
কৰিমগঞ্জ জিলাৰ অনুৰ্দ্ধ ১৪ মহিলা দলৰ হৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দীপিকা ত্ৰিপুৰাই ৰূপৰ পদক আৰু মাহী ত্ৰিপুৰাই ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছে । ইপিনে, কাছাৰ জিলাৰ পৰা অনুৰ্দ্ধ ১৪ পুৰুষ দলৰ হৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুৰজ সিঙে সোণৰ পদক আৰু চিংগিনেম্বা সিঙে ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছে । আনহাতে, শিৱসাগৰ জিলাৰ পৰা অনুৰ্দ্ধ ১৭ পুৰুষ শাখাত প্ৰতিনিধিত্ব কৰা দেৱজ্যোতি দাসে ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছে ।
উল্লেখযোগ্য যে, অসমৰ পৰা ১৭ জনীয়া এটা দলে দিল্লীত অনুষ্ঠিত নেশ্বনেল স্কুল গেমছত অংশগ্ৰহণ কৰিছিল । ইতিমধ্যে অনুৰ্দ্ধ ১৪ আৰু অনুৰ্দ্ধ ১৭ বিভাগত চাৰিটা পদক জিকিবলৈ সক্ষম হৈছে দলটোৱে । আনহাতে, অনুৰ্দ্ধ ১৯ শাখাতো দলটোৱে আৰু পদক লাভ কৰিব বুলি আশাবাদী ।
আৰু পঢ়ক : 8 তাৰিখৰ ভাৰত বন্ধত স্তব্ধ হ'ব বেংকিং সেৱা