ETV Bharat / state

মেঘালয়ত উদ্ধাৰ অসমৰ যুৱকৰ মৃতদেহ

author img

By

Published : Aug 17, 2021, 1:34 PM IST

মেঘালয়ত অচিনাক্ত দুৰ্বৃত্তৰ হাতত নিহত অসমৰ এগৰাকী যুৱক । পেচাত ট্ৰাকচালক যুৱকজন কৰিমগঞ্জৰ দোহালিয়াৰ বাসিন্দা । ইতিমধ্যে মেঘালয় আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

Assam driver killed
মেঘালয়ত হত্যা কৰিমগঞ্জৰ যুৱক

কৰিমগঞ্জ, ১৭ আগষ্ট : অসমৰ সীমান্ত অঞ্চলত অব্যাহত আছে বিভিন্ন ধৰণৰ বিবাদ। মিজোৰামৰ উপৰিও শেহতীয়াকৈ মেঘালয়ৰ লগতো সীমা সমস্যাকে ধৰি বিভিন্ন বিষয়কলৈ বিবাদে চৰম পৰ্যায় পোৱা দেখা গৈছে । ইয়াৰ মাজতে মেঘালয়ত উগ্ৰপন্থী সংগঠনৰ এজন নেতা নিহত হোৱাক লৈ তীব্ৰ উত্তেজনা বিৰাজ কৰি থকাৰ মাজতে অসমৰ এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

নিহত যুৱকজন কৰিমগঞ্জৰ পাথাৰকান্দিৰ দোহালিয়াৰ অলক দাস ৷ পেছাত এগৰাকী গাড়ীচালক অলক দাসে অনুপ ট্রেড ট্রেন্সপ'র্ট প্রাইভেট লিমিটেডৰ অধীনত অৰুণাচল প্রদেশৰ পৰা চাউল ভৰ্তি ট্ৰাকৰে বৰাক অভিমুখে ৰাওনা হৈছিল আৰু মেঘালয়ৰ জোৱাই এলেকা পোৱাৰ পাছত তেওঁ ৱেই ব্ৰীজত নিজৰ বাহনখনৰ ওজন মাপ কৰিছিল ।

পৰৱৰ্তী সময়ত একে কোম্পানীৰে বাকী কেইখন বাহনৰ কৰ্মচাৰীৰ সৈতে অলকে নিশাৰ আহাৰ গ্ৰহণ কৰি বাহনৰ ভিতৰতে জিৰণি লৈছিল । এইখিনি সময়তে ৰহস্যজনকভাৱে কোনো দুস্কৃতিকাৰীয়ে অলকক গাড়ীৰ পৰা নমাই নি কিছু দূৰত্বত হত্যা কৰিছিল । মেঘালয় আৰক্ষীয়ে ধাৰণা কৰা মতে অলকৰ ট্ৰাকখন হাইজেক কৰাৰ চেষ্টা কৰিছিল দুস্কৃতিকাৰীয়ে ।

কিন্তু মেঘালয়ৰ জোৱাই এফচিআইৰ (Jowai FCI) সন্মুখত পাৰ্কিং কৰি থোৱা ট্ৰাকখন কেনেদৰে হাইজেক (Hijack) হ'ব পাৰে ? এই লৈ সকলোৰে মাজত সৃষ্টি হৈছে বিভিন্ন প্ৰশ্ন । আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি, ট্ৰাকখনৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰত্বত অলকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল । মেঘালয় আৰক্ষীয়ে (Meghalaya Police) ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিছে ব্যৱস্থা ।

ইফালে সোমবাৰে বিয়লি মেঘালয় আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এজন লোকক আটক কৰিছে বুলি জানিব পৰা গৈছে । অলকৰ এই ৰহস্যজনক হত্যাকাণ্ডৰ ঘটনাৰ পাছতে যুৱকজনৰ বাসগৃহত শোঁকৰ ছাঁ পৰা দেখা গৈছে । শনিবাৰে অলকে ঘৰলৈ ফোন কৰি জনোৱা অনুসৰি, বাহনৰ সামগ্ৰী খালী কৰি ঘৰলৈ ওভতাৰ কথা আছিল অলকৰ । কিন্তু ৰহস্যজনকভাৱে তাৰ পূৰ্বেই দুস্কৃতিকাৰীৰ হাতত নিহত হয় অলক ।

লগতে পঢ়ক :গোলাঘাটৰ বৰফলং চাহ বাগিচাত লোমহৰ্ষক হত্যাকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.