ETV Bharat / state

মিজোৰামৰ আগ্ৰাসনঃ 12 ঘন্টীয়া বৰাক বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

অসমৰ ভূমি মিজোৰামে দখলৰ প্ৰতিবাদত ছাত্ৰ সংগঠন আকসাই শনিবাৰে দিয়া বৰাক উপত্যকা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা গ'ল ৷ ছাত্ৰ সংগঠনটোৱে দিয়া 12 ঘন্টীয়া বৰাকৰ বন্ধৰ সময়ছোৱাত বৰাকৰ তিনিওখন জিলাতে সহাঁৰি দিয়ে জনসাধাৰণে ৷

মিজোৰামৰ আগ্ৰাসনঃ 12 ঘন্টীয়া বৰাক বন্ধৰ সৰ্বাত্মক প্ৰভাৱ
মিজোৰামৰ আগ্ৰাসনঃ 12 ঘন্টীয়া বৰাক বন্ধৰ সৰ্বাত্মক প্ৰভাৱ
author img

By

Published : Nov 7, 2020, 10:22 AM IST

কৰিমগঢঞ্জ, 7 নৱেম্বৰঃ অসমৰ ভূমি চুবুৰীয়া ৰাজ্য মিজোৰামে অবৈধভাৱে বেদখল কৰা চেষ্টা চলোৱাৰ পিচতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল সমগ্ৰ বৰাক উপত্যকাতে ৷ একাংশ মিজো লোকে বৰাক উপত্যকাৰ মিজোৰাম সীমান্তৰ গাত লাগি থকা অসমৰ ভূমি বেদখল কৰাৰ বাতৰি পোহৰলৈ আহিছিল ৷

12 ঘন্টীয়া বৰাক বন্ধৰ সৰ্বাত্মক প্ৰভাৱ
12 ঘন্টীয়া বৰাক বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ইফালে অসমৰ ভূমি মিজোৰামে দখলৰ প্ৰতিবাদত ছাত্ৰ সংগঠন আকসাই শনিবাৰে দিয়া বৰাক উপত্যকা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা গ'ল ৷ ছাত্ৰ সংগঠনটোৱে দিয়া 12 ঘন্টীয়া বৰাক বন্ধৰ সময়ছোৱাত বৰাকৰ তিনিওখন জিলাতে সহাঁৰি দিয়ে জনসাধাৰণে ৷ বন্ধৰ সমছোৱাত বৰাকৰ তিনিওখন জিলাৰ দোকান পোহাৰ সমূহ বন্ধ হৈ থকাৰ লগতে যান বাহনৰ চলাচলো বন্ধ থাকে ৷

আনহাতে বন্ধৰ সময়ছোৱাত পুৱাৰে পৰা বন্ধ সফল কৰিবলৈ বৰাকৰ অন্যতম ছাত্ৰ সংগঠন আকসাৰ কৰ্মীসকলে ৰাজপথলৈ উলাই আহি টহল দিয়া পৰিলক্ষিত হয় ৷ অৱশ্যে বন্ধৰ সময়ত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ খবৰ লাভ কৰা নাই ৷ শান্তুিপূৰ্ণ ভাৱে বৰাকৰ জনসাধাৰণে বন্ধ পালন কৰা দেখা গৈছে ৷

লগতে চাওকঃ পাকিস্তান জিন্দাবাদ ধ্বনিৰ পিচতেই হিমন্তক বাংলাদেশী বুলি কটাক্ষ বদৰুদ্দিনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.