কৰিমগঞ্জ, ১০ অক্টোবৰ: জৰাজীৰ্ণ পথে যমৰ যাতনা ভোগাইছে কৰিমগঞ্জবাসীক। বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিত পথাৰ সদৃশ ৰূপ লৈছে ৰাষ্ট্ৰীয় ঘাইপথে। কৰিমগঞ্জৰ চহৰৰ মাজ-মজিয়াত উপায়ুক্ত আৰু পৌৰসভাৰ কাৰ্যালয়ৰ সমীপতে থকা এই পথটোৰ দুৰৱস্থাৰ ছবিখন আজি পৰ্যন্ত দৃষ্টিগোচৰ নহ'ল ৰজাঘৰীয়াৰ।
![কৰিমগঞ্জত ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/askxj801to804poorroadconditionsatkarimganjtownvisulswapnajitnathkarimganj_10102020130439_1010f_1602315279_875.jpg)
পথৰ মাজতে সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত। এজাক বৰষুণতে পানীৰে ভৰি পৰে পথটো। কৃত্ৰিম বানত হাৰাশস্তি ভুগিবলগীয়া হয় ৰাইজে। যান-বাহন চলাচল কৰাতো দুৰ্ভোগ ভূগিবলগীয়া হৈছে। আনকি খোজকাঢ়ি অহা-যোৱা কৰিলেও পানী গচকি যাব লাগে।
![কৰিমগঞ্জত ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/askxj801to804poorroadconditionsatkarimganjtownvisulswapnajitnathkarimganj_10102020130439_1010f_1602315279_571.jpg)
বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো পথটো মেৰামতি নকৰাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় বাসিন্দাই। আনহাতে, বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থই কাৰ্যত উন্নয়নমূলক কাম কৰাৰ পৰিৱৰ্তে নিৰ্বাচনী প্ৰচাৰ সভাত উত্তৰ কৰিমগঞ্জৰ সমষ্টিৰ উন্নয়নৰ ঢাক-ঢোল বজোৱাৰ অভিযোগ উত্থাপন হৈছে।
লগতে পঢ়ক:ক'ৰণা প্ৰতিৰোধৰ উদ্দেশ্যৰে শিক্ষক ছাত্ৰ-ছাত্ৰীৰ শপত বাক্য পাঠ