ETV Bharat / state

ভোটাৰ তালিকাৰ বিসংগতিত ক্ষুব্ধ বিধায়ক - কৰিমগঞ্জ

কৰিমগঞ্জত ভোটাৰ তালিকাত ব্যাপক বিসংগতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন । ক্ষুব্ধ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ ।

alligence of scam voter list in karimganj assam etv bharat news
ভোটাৰ তালিকাৰ বিসংগতিত ক্ষুব্ধ বিধায়ক
author img

By

Published : Nov 24, 2020, 1:25 PM IST

কৰিমগঞ্জ,24 নৱেম্বৰ: কৰিমগঞ্জত ভোটাৰ তালিকাত ব্যাপক বিসংগতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন ৷ এই বিসংগতিক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে স্থানীয় বিধায়ক কমলাক্ষ দে পুৰকায়স্থ ৷ মঙলবাৰে উত্তৰ কৰিমগঞ্জৰ তেষুয়া গাঁৱৰ বাসিন্দাসকলক লগত লৈ বিধায়কগৰাকী উপস্থিত হয় জিলা উপায়ুক্তৰ কার্যালয়ত ৷

ভোটাৰ তালিকাৰ বিসংগতিত ক্ষুব্ধ বিধায়ক

বিধায়কগৰাকীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি, উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ তেষুয়া গাঁৱৰ ভোটাৰ তালিকাত দীর্ঘদিন ধৰি ব্যাপক হাৰত বিসংগতি সংঘটিত হৈ আহিছে ৷ এই তালিকাত থকা একাংশ হিন্দু ব্যক্তিৰ পিতৃৰ নাম অন্তৰ্ভূক্ত হৈছে এক বিশেষ সম্প্ৰদায়ৰ ব্যক্তি হিচাপেহে ৷ স্থানীয় ৰাইজে পূৰ্বে বহুকেইবাৰ তালিকাখন সংশোধন কৰিবলৈ অনলাইন আৰু অফলাইনযোগে আবেদন দাখিল কৰাৰ পিছতো এই তালিকা শুদ্ধ ৰূপত প্ৰকাশ নাপালে ৷ ফলত চূড়ান্ত বেমেজালিৰ সন্মুখীন হৈছে ৰাইজ ৷ অৱশেষত বিধায়কগৰাকীয়ে ৰাইজৰ সৈতে জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ এই সমস্যা শীঘ্ৰে সমাধানৰ দাবী উত্থাপন কৰে ৷

লগতে চাওকঃ টীয়কত অনুষ্টুুপীয়াকৈ লাচিত দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.